Local, Vocal, Global

আজি বিশ্ব গঁড় দিৱস…

আজি বিশ্ব গঁড় দিৱস। প্ৰতিবছৰে আজিৰ দিনটো বিশ্ব গঁড় দিৱসে পালন কৰা হৈছে। প্ৰতিবছৰ দৰে এইবেলিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পালন কৰা হয় কৰা হৈছে বিশ্ব গঁড় দিৱস।

উল্লেখ্য যে, বিগত সময়চোৱাৰ কাজিৰঙাত বানত মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ অৱস্থাত ৭ টা গঁড় পোৱালি উদ্ধাৰ কৰা হৈছে। লক্ষ্যণীয়ভাৱে উদ্ধাৰ কৰা পোৱালি কেইটাৰ অৱস্থা সম্প্ৰতি স্বাভাৱিক অৱস্থালৈ উভটি আহিছে। কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ উদ্ধাৰকাৰী দলে যোৱা বছৰৰ বানত ৫ টা আৰু চলিত বছৰত ২টা গঁড় পোৱালি উদ্ধাৰ কৰিছিল।

বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসকৰ তত্বাৱধানত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা পোৱালি কেইটা সম্প্ৰতি সুস্থ হোৱাৰ লগতে ডাঙৰ দীঘল হবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে ইয়াৰে ৬ টাৰ বয়স প্ৰায় আঢ়ৈ বছৰ, আনহাতে এটা এবছৰৰ তলৰ। বৰ্তমান পোৱালিকেইটা চিকিৎসকে চোৱাচিতা কৰি ৰাখিছে।