Local, Vocal, Global

World Lion Day 2024 : আজি বিশ্ব সিংহ দিৱস; প্ৰতি বছৰে ১০ আগষ্টত সমগ্ৰ বিশ্বতে বিশ্ব সিংহ দিৱস পালন কৰা হয়

নিউজ ডেস্ক.১০আগষ্ট : আজি বিশ্ব সিংহ দিৱস । প্ৰতি বছৰে ১০ আগষ্টত সমগ্ৰ বিশ্বতে বিশ্ব সিংহ দিৱস পালন কৰা হয়। বনৰজা ‘Panthera Leo’ বুলিও জনাজাত এই ৰাজকীয় প্ৰাণীটোৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে এই দিৱস পালন কৰা হয়(World Lion Day 2024) ।

এই দিৱসৰ লক্ষ্য হৈছে সমগ্ৰ বিশ্বতে এই জন্তুটোৱে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা আৰু সিংহৰ অস্তিত্ব জীয়াই ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰা।

উল্লেখ্য যে, ২০১৩চনৰ পৰা বিশ্ব সিংহ দিৱস পালন কৰি অহা হৈছে । এই দিৱসটো আৰম্ভ কৰিছিল ডেৰেক আৰু বেভাৰ্লি জৌবাৰ্টে । তেওঁলোক হৈছে ‘বিগ কেট ৰেচকিউ’ৰ প্ৰতিষ্ঠাপক দম্পতী । তেওঁলোকে সমগ্ৰ বিশ্বত এইবিধ বনৰজাৰ সংখ্যা হ্ৰাস হৈ অহাৰ দিশটোৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।

দুয়োৱে ২০০৯ চনত ‘নেচনেল জিঅ’গ্ৰাফিক’ আৰু ‘বিগ কেট ইনিচিয়েটিভ’ক (BCI) একত্ৰিত কৰিছিল । অৱশেষত ২০১৩ চনত তেওঁলোকে বনাঞ্চলত বাস কৰা বাকী থকা বিগ কেটবোৰৰ ওপৰত সজাগতা বৃদ্ধি আৰু সুৰক্ষা দিবলৈ বিশ্ব সিংহ দিৱস আৰম্ভ কৰে । সমগ্ৰ আফ্ৰিকা আৰু ইউৰেচিয়ান মহাদেশত সিংহ বিশাল সংখ্যাত আছে।

লগতে পঢ়ক : Sensational incident : বিলাসীপাৰাত মালবাহী ৰে’লৰ খুন্দাত থিতাতে নিহত এজন