Local, Vocal, Global

দুলীয়াজানৰ  টেঙাখাটত অঘটন

দুলীয়াজানৰ টেঙাখাত আৰক্ষী থানাৰ অৰ্ন্তগত চাউদাঙ গাঁৱৰ পথাৰৰ এটা খাৱৈত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো টেঙাখাত লেংৰাই চাহবাগিচাৰ ১নং চুঙী শ্ৰমিক লাইনৰ নুনু গোৱালাৰ পত্নী কল্পনা গোৱালা ৷ উল্লেখ্য যে শনিবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ৷ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ অনুসন্ধান কৰে যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাছিল ৷ দেওবাৰে স্থানীয় ৰাইজে মহিলাগৰাকীৰ মৃতদেহটো টেঙাখাতৰ চাউদাঙ গাঁৱৰ পথাৰৰ এটা খাৱৈত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ শেহতীয়াকৈ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো  উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰে ।