Local, Vocal, Global

মালিগাঁৱত বাঘৰ আতংক, বাঘৰ আক্ৰমণত আহত মহিলা

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মালিগাঁৱৰ পাণ্ডুত বাঘৰ সন্ত্ৰাস। নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত (injured) হয় এগৰাকী মহিলা। আহত মহিলাগৰাকীৰ নাম মঞ্জু ভট্টাচাৰ্য বুলি জানিব পৰা গৈছে।

পাণ্ডুৰ আদাবাৰী কলনীত এটা ৰে’লৱে কোৱাৰ্টাৰত আশ্ৰয় লৈ থকা নাহৰফুটুকীটোৱে মহিলা গৰাকীক আক্ৰমণ কৰে (Leopard in Guwahati)।

প্ৰাতভ্ৰমণৰ সময়ত অঞ্জু ভট্টাচাৰ্য নামৰ মহিলাগৰাকীক আক্ৰমণ কৰে। আহত মহিলাগৰাকীক বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

স্থানীয় ৰাইজে অভিযোগ কৰে যে, ঘটনাস্থলীত বাঘে সন্ত্ৰাস চলোৱাৰ পিছতো খবৰ দিয়াৰ লগে লগে উপস্থিত হোৱা নাছিল।

প্ৰায় এঘণ্টা ধৰি বাঘটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত। সমান্তৰালভাৱে সমগ্ৰ অঞ্চলটোত সাধাৰাণ লোকে ভিৰ কৰা দেখা যায়। ইয়াৰপিছতেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চি আৰ পি এফে স্থানীয় ৰাইজক লাঠী চাৰ্জ কৰে।