Winter Session Of Parliament Begins Today : আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন
নিউজ ডেস্ক,২৫নৱেম্বৰ : আজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন। সংসদৰ অধিৱেশনত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হ’ব। শীতকালীন অধিৱেশনত শেহতীয়াকৈ মণিপুৰৰ ঘটনাই পৰিৱেশ উত্তাল কৰাৰ সম্ভাৱনা আছে। ৰে’ল আইন সংশোধন বিধেয়কৰ লগতে এখন বেংকিং আইন সংশোধনী বিধেয়কো লোকসভাত উত্থাপন কৰা হ’ব । চৰকাৰক শ’লঠেকত পেলাবলৈ দলৰ সংসদীয় কাৰ্যালয়ত বৈঠকত মিলিত কংগ্ৰেছৰ লোকসভাৰ সাংসদসকল। আদানী প্ৰসংগক লৈ সদন উত্তপ্ত হোৱাৰ সম্ভাৱনা। কংগ্ৰেছ সাংসদ মণিকাম ঠাকুৰে দাখিল কৰে সভা স্থগিতৰ প্ৰস্তাৱ(Winter Session Of Parliament Begins Today)।
এইবাৰৰ অধিৱেশনত এক দেশ এক নিৰ্বাচন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।
সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে পুৱা ইণ্ডি এলায়েঞ্চৰ নেতাসকল এখন বৈঠকত মিলিত হৈ চৰকাৰৰ বিৰুদ্ধে কি ৰণনীতি ল’ব সেয়া নিৰ্ধাৰণ কৰিব। ইফালে বেংকিং আইন সংশোধনী বিধেয়কখনে ভাৰতীয় ৰিজাৰ্ভ বেংক আইন, বেংকিং নিয়ন্ত্ৰণ আইন, ভাৰতীয় ষ্টেট বেংক আইন, বেংকিং কোম্পানী আইনৰ সংশোধনী বিধেয়ক দাখিল কৰাৰ সম্ভাৱনা আছে।
আজিৰে পৰা ২০ ডিচেম্বৰলৈকে সংসদৰ শীতকালীন অধিবেশন চলাৰ সম্ভাৱনা। এই সময়ছোৱাত ৱাকফ সংশোধনী বিধেয়ক আৰু দুৰ্যোগ ব্যৱস্থাপনা (সংশোধনী) বিধেয়ক আলোচনাৰ বাবে উত্থাপন কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক :Rifle recover at Lumding: লামডিঙৰ নখুঁটিত ৰাইফলসহ দুজনক গ্ৰেপ্তাৰ