Local, Vocal, Global

একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ বিজেপিৰ চৰকাৰ গঠন হ’ব নেকি ?

ডিজিটেল ডেস্কঃ-আজি ঘোষণা হ’ব তিনিখনকৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ নিৰ্বাচনৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে।১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধানসভাৰ ৬০টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল।

৬০ খন আসনৰ মেঘালয় বিধানসভাত এই পৰ্যন্ত কনৰাড চাংমা নেতৃত্বাধীন এন পি পিয়ে ১৬ খন আসনত আগবাঢ়ি আছে। আনহাতে ৰাজ্যখনত বিজেপি ৮ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ ৯ খন আৰু তৃণমূল কংগ্ৰেছ ১৬ খনকৈ আসনত আগাবাঢ়ি আছে।
৬০ খন আসনৰ নাগালেণ্ড বিধানসভা পুনৰবাৰ বিজেপি মিত্ৰজোঁটৰ হাতলৈ যোৱাটো নিশ্চিত। নাগালেণ্ডত বি জে পি মিত্ৰজোঁট ৫০ খন আসনত আগবাঢ়ি আছে।৬০ খন আসনৰ ত্ৰিপুৰা বিধানসভাত এইবাৰ পুনৰ বিজেপিৰ দখললৈ যোৱাৰ পথত।এই পৰ্যন্ত বিজেপিয়ে আগবাঢ়ি আছে।

এন পি এফ আগবাঢ়ি আছে ৬ খন আসনত আৰু কংগ্ৰেছ মাত্ৰ ১ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত এইবাৰ যে বিজেপি মিত্ৰজোঁটৰ চৰকাৰে একক সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিব কৰিব নেকি?