Local, Vocal, Global

RSSৰ চৰণত শৰণ ল’লে একালৰ মহা প্ৰতাপী হাগ্ৰামা মহিলাৰীয়ে !

নিউজ ডেস্কঃ একালৰ বৃন্দাবন একালত পৰে চন, একালৰ মহা প্ৰতাপী হাগ্ৰামা মহিলাৰীৰ ভাইৰেল হোৱা এক ভিডিঅ’ই যেন তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে৷ BTCৰ হৃত ক্ষমতাৰ বাঘজৰী পুনৰ কুক্ষিগত কৰিবলৈ এইবাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সঙ্ঘৰ চৰণত শৰণ ল’বলৈ যেন বাধ্য হৈছে BPF দলৰ নেতা হাগ্ৰামা মহিলাৰী৷ এই উদ্দেশ্যৰে এমাহ ধৰি দিল্লীত বাহৰ পাতিছে হাগ্ৰামাই৷ হাগ্ৰামা মহিলাৰীয়ে নাগপুৰস্থিত আৰ এছ এছ কাৰ্যালয়ত সংঘৰ শীৰ্ষ নেতাৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণকৰাৰ দৃশ্য ভাইৰেল হোৱাৰ পাছতেই গৰম হৈছে বড়োভূমীৰ ৰাজনীতি৷ হাগ্ৰামা মহিলাৰী গেৰুৱা শিবিৰমুখী হ’ব নেকি, যোগদান কৰিব নেকি ভাৰতীয় জনতা পাৰ্টীত এই প্ৰশ্ন সৰ্বত্ৰে উত্থাপিত হৈছে৷ যদি এনে হয় তেন্তে কি হ’ব বৰ্তমানৰ BTC চীফ্ প্ৰমোদ বড়োৰ? বিজেপিত যোগ দি প্ৰমোদ বড়োৰ হাতৰ পৰা বড়োভূমীৰ শাসনভাৰ নিজৰ হাতলৈ নিব নেকি হাগ্ৰামাই?

RSS-ৰ চৰণে শৰণ!


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত নাগপুৰত শীৰ্ষ RSS নেতা ইন্দ্ৰেশ কুমাৰক সেৱা কৰে হাগ্ৰামা মহিলাৰীয়ে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি. এল. সন্তোষকো সাক্ষাৎ কৰিলে হাগ্ৰামাই৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ সাক্ষাৎ গ্ৰহণৰ আশাত অদ্যপি দিল্লী এৰা নাই হাগ্ৰামা মহিলাৰীয়ে৷

যদিহে প্ৰমোদ বড়োৰ স্থলাভিষিক্ত হয় হাগ্ৰামা তেন্তে BPF দলক বিজেপিত বিলীন কৰাৰ প্ৰস্তাৱ আগবঢ়াই মহিলাৰীয়ে৷ ক্ষমতাৰ বাবেই নিজ দলৰ বিলীন কৰি হ’লেও বড়োভূমীৰ শাসনভাৰ নিজৰ হাতত ৰাখিব বিচাৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ হাগ্ৰামাৰ এই ৰাজনীতি কিমান সফল হয়, সেয়া হ’ব লক্ষণীয়