ৰাজ্যত পুনৰ বন্য হস্তীৰ উপদ্ৰৱ

নিউজ ডেস্ক, ৮ জুন : মংগলবাৰে নিশা হোজাইৰ (Hojai) মিলীক বস্তিত (Malik Basti) বন্য হস্তীয়ে উপদ্ৰৱ (nuisance) চলায়।
খাদ্যৰ সন্ধান এটা বনৰীয়া হাতীৰ জাক মিলীক বস্তি সংৰক্ষিত বনাঞ্চলৰ (Malik Basti Reserve Forest) পৰা জনাঞ্চললৈ ওলায় আহি মিলীক বস্তিত এজন লোকৰ বাসগৃহত আক্ৰমণ কৰে ।
হাতী জাকে লোকজনৰ বাসগৃহৰ পকীদেৱাল ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে খেতি পথাৰ শস্য নষ্ট কৰে আৰু কোনোমতে প্ৰাণ ৰক্ষা পৰে গৃহস্থৰ।
বাতৰি যুগত কৰা পর্যন্ত বনবিভাগৰ (forest department) লোক ঘটনাস্থলিত উপস্থিত নোহোৱাৰ অভিযোগ তুলিছে গৃহস্থ তথা সৰ্বসাধাৰণ ৰাইজে।
সম্প্ৰতি অঞ্চল জুৰি আতংকময় পৰিবেশ বিৰাজ কৰিছে।