আপোনাৰ গোৰোহা ফাটে নেকি? যাদি ফাটে তেন্তে মানি চাব পাৰে এই বিধান

ডিজিটেল ডেস্ক: শীতকালত ভৰিৰ গোৰোহা ফাটি যোৱাটো ভৰিৰ সাধাৰণ সমস্যা। এটা সমীক্ষাত দেখা গৈছে যে আমেৰিকাৰ ২০ শতাংশ প্ৰাপ্তবয়স্ক লোকৰ ভৰিৰ ছাল ফাটি যায়। প্ৰাপ্তবয়স্ক আৰু শিশু উভয়ৰে ক্ষেত্ৰত এনে হ’ব পাৰে, আৰু পুৰুষতকৈ মহিলাক বেছিকৈ আক্ৰান্ত হোৱা যেন লাগে। কিছুমান ক্ষেত্ৰত গোৰোহাত ফাট খুব গভীৰ হৈ বিষ হ’ব পাৰে। শুকান, ফাটি যোৱা গোৰোহাৰ চিকিৎসা কৰাটো অতি জৰুৰী । সোনকালে চিকিৎসা কৰিলে , গুৰুতৰ সংক্ৰমণ, নিৰাময় নোহোৱা ঘা, আৰু অন্যান্য সমস্যা ৰোধ কৰিব পাৰি। শীতৰ বতৰত ভৰিৰ গোৰোহা ফটাটো এটা সাধাৰণ সমস্যা৷ ই কেতিয়াবা বৰ কষ্টদায়ক সমস্যা হৈ পৰে৷ গ্ৰাম্য শ্ৰমজীৱি লোকসকলৰ বহুতেই ইয়াক এটা সৰু সমস্যা বুলিয়েই আওকান কৰা দেখা যায়৷ কেতিয়াবা ই ইমানেই ভয়ানক ৰূপ লয় যে ফাঁটবোৰৰ মাজেদি ভিতৰৰ ৰঙা কেঁচা মঙহো দেখা পোৱা যায়৷ ৰক্তক্ষৰণ হয় আৰু খোজকঢ়া অসম্ভৱ হৈ পৰে৷ এনে অৱস্থাত সংক্ৰমণ ঘটি বিপদ সৃষ্টি হব পাৰে৷ অকল গোৰোহাই নহয়, কিছুমান লোকৰ ভৰিৰ তলুৱাও ফাঁটি কলা চিৰিলাচিৰিল হোৱা দেখা যায়৷ এই সমস্যাক আওকান নকৰিব৷ ঘৰত বা হাততে পোৱা সামগ্ৰীৰে ইয়াৰ নিৰাময় সম্ভৱ৷ আপোনাৰ গোৰোহাও সমস্যাহীন, মশৃণ, কোমল আৰু আকৰ্ষণীয় কৰি তুলিব পাৰে৷ আপোনাৰ শৰীৰটো কঢ়িয়াই লৈ ফুৰা ভৰি হালৰ প্ৰতিও সচেতন হওক৷ গোৰোহা বা ভৰিৰ তলুৱাৰ ছাল প্ৰকৃতিগত ভাৱেই ডাঠ৷ সেয়ে শৰীৰৰ ভিতৰত উৎপন্ন হোৱা চিৰাম বা প্ৰাকৃতিক (শাৰিৰীক) আৰ্দ্ৰতা ৰক্ষক তেল তলুৱা বা গোৰোহাৰ বাহিৰৰ তৰপলৈকে গৈ নাপায়৷ এই পৌষ্টিক তত্ব আৰু তেল বা শৰীৰক তৈলাক্ত কৰি ৰাখিব পৰা উপাদান ভৰিৰ গোৰোহা বা তলুৱালৈকে গৈ নোপোৱাৰ বাবেই গোৰোহা খঁহটা হৈ ফাটে৷
যদি আপোনাৰ গোৰোহা শুকান, ফাটি যায়, তেন্তে বিচনাত উঠাৰ আগতে ১০%ৰ পৰা ২৫% ইউৰিয়াযুক্ত ক্ৰীম লগাব লাগে। আপোনাৰ এই সমস্যা ভাল নোহোৱালৈকে প্ৰতিদিনে প্ৰায় এইদৰে যত্ন লওক।
ঘৰুৱা ঔষধ:-
১)গোৰোহা ফটা ৰোধ কৰিবলৈ ঘৰতে সহজে উপলব্ধ দুই চামুচ ক মিঠাতেলত ( সৰিয়হৰ)এক ইঞ্চি মম মিহলাই গৰম কৰি বনাই লোৱা মলম কুহুমীয়া গৰম থকা অৱস্থাত সানমিহলি কৰি ফটা ঠাইত ভাল দৰে প্ৰলেপ দিয়ক।
২)দেৰ চামুচ বগা ভেচলিন এক চামুচ বৰিক মিহলাই বনোৱা মিশ্ৰণ ভৰিত দৈনিক লগাওক।
৩)৩ চাহ চামুচ মৌৰ লগত ছালকুৱঁৰীৰ ৰসৰ মিশ্ৰণ কৰি ক্ৰীম হিচাপে দৈনিক ব্যবহাৰ কৰক।
৪) দৈনিক কুহুমীয়া গৰম পানীত দুচামুচ নিমখ মিহলাই ভৰিহাল ১০ মিনিট জুবুৰিয়াই কোমল কৰি পিউমিচ স্টোনৰে পৰিস্কাৰ কৰিব। কেঁচা গাখীৰ আমাৰ সকলোৰে ঘৰতেই পোৱা যায়। সেই গাখীৰৰ লগত পিঠাগুৰিৰ থুপথুপিয়া মিশ্ৰণ অথবা পকা কল বতিয়াই গোৰোহাত লগাই প্ৰায় ১৫ মিনিট মালিচ কৰি পৰিস্কাৰ পানীৰে ধুই দিয়ক।
৬)ভৰিহাল ভালদৰে শুকান কৈ মচি যিকোনো মিশ্ৰণ ১০ মিনিট মালিচ কৰি মোজা পিন্ধিব লাগে।
৭)যিমান পাৰে গোৰোহা চাফ চিকুনকৈ ৰাখিব । বিশেষকৈ সদাই নিমখ গৰম পানীৰে ধুই পৰিস্কাৰ কৰক এনে কৰিলে বিজানুমুক্ত হ’ব।
৮)নেমুৰ ৰসৰ লগত পকা অমিতা মিশ্ৰণ কৰি গোৰোহাত লগাই ১৫-২০ মিনিট থ’ব। আৰু পৰিস্কাৰ পানীৰে ধুই দিয়ক।
দেহত কেতিয়াও পানীৰ পৰিমান কম হবলৈ নিদিব শুই উঠি কমেও ২ লিটাৰ কুহুমিয়া পানী সেৱন কৰক।