Local, Vocal, Global

বটদ্ৰৱা কাণ্ডৰ প্ৰকৃত মাষ্টাৰমাইণ্ড কোন ?

নিউজ ডেস্ক, ৬ জুন : ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে শেহতীয়াকৈ সামাজিক মাধ্যমৰ আগত মন্তব্য কৰিছে যে “সাংবাদিক সকলেহে থানা জলাবলৈ উছটনি দিছিল “।

তেওঁ এটা ভিডিঅ’ যোগে কয় আৰক্ষীয়ে আশ্বিকুল ইছলাম নামৰ কলেজীয়া ছাত্ৰজনক মাষ্টাৰমাইণ্ড সজাই গ্ৰেপ্তাৰ কৰি দুৰ্ঘটনাত মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছিল । কিন্তু শেহতীয়াকৈ ভাইৰেল হোৱা ভিডিঅ’বোৰত দেখা গৈছে যে ছফিকুল ইছলাম নামৰ লোকজনৰ থানাত মৃত্যু হোৱাৰ পিছত থানাত উতপ্ত পৰিস্থিতি সৃষ্টি কৰা লোকসকলক বগা চোলা পৰিহিত এজন ব্যক্তিয়ে তেওঁলোকক শান্ত কৰিছিল।

তাৰ পিছত এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ কেমেৰা পাৰচন জগন্নাথ কলিতা আৰু তেওঁৰ দুজনমান লগৰীয়াই যুৱকজনক থানাৰ দালাল বুলি কৈ ভাবুকি দিছিল। উত্তেজিত জনতাক থানাত আক্ৰমণ কৰিবলৈ উচতনি দিছিল।

তেওঁ কয় যে শেহতীয়াকৈ তেওঁ ভিডিঅ’বোৰ লাভ কৰিছে আৰু ইতিমধ্যে নগাওঁ জিলাৰ DC আৰু SP ক প্ৰেৰণ কৰিছে।

কিন্তু বৰ্তমান সময়লৈকে আৰক্ষীয়ে জগন্নাথ কলিতা বা তেওঁৰ লগৰীয়াসকল কাৰো ওপৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই।

তেওঁ নিৰপেক্ষ তদন্ত কৰি বটদ্ৰৱা কাণ্ডৰ প্ৰকৃত দোষীক কৰায়ত্ত কৰিবলৈ আহ্বান জনায়।

লগতে তেওঁ কয় যে উত্তেজিত জনতাক থানাত আক্ৰমণ কৰিবলৈ উচতনি দিয়া তথাকথিত সাংবাদিক জগন্নাথ কলিতা বা তেওঁৰ লগৰীয়াসকলক গ্ৰেপ্তাৰ নকৰিলে বুজি লম নগাওঁ আৰক্ষীয়ে অসম চৰকাৰৰ নিৰ্দেশত নিকিষ্ট সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে আৰু প্ৰকৃত দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত নিৰ্দোষী ছাত্ৰক মাষ্টাৰমাইণ্ড সজাই হত্যা কৰিছে। অসমত সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতিত নগাওঁ আৰক্ষী প্ৰশাসনে চৰকাৰৰ হৈ কাম কৰিছে।