Local, Vocal, Global

কেতিয়া জয়ৰ মুখ দেখিব কংগ্ৰেছে?উত্তৰ পূৰ্বাঞ্চলত দুৰ্বল হৈছে নেকি কংগ্ৰেছ?

ডিজিটেল ডেস্ক:- দেশৰ সাম্প্ৰতিক ৰাজনীতিত বিজেপিয়ে আৰম্ভ কৰা আগ্ৰাসী নীতিয়ে বিধ্বস্ত কৰিছে নেকি কংগ্ৰেছ দলক। দেশৰ অন্যতম প্ৰাচীন তথা বৃহত ৰাজনৈতিক দলটো আজি ধ্বংসমুখী হৈছে নেকি। বিশেষকৈ যোৱা ৭ বছৰত ধাৰাবাহিক নিৰ্বাচনী বিপৰ্যয়ে হয়তো হতাশগ্ৰস্ত কৰি তুলিছে কংগ্ৰেছৰ নেতা-কৰ্মীসকলক। কিন্তু কেৱল নেতা-কৰ্মীসকলেই নে। একে সময়তে কংগ্ৰেছ দলৰ এই ধাৰাবাহিক পৰাজয় আৰু বিপৰ্যয়ে গণতন্ত্ৰপ্ৰেমী দেশৰ ধৰ্ম নিৰপেক্ষ নাগৰিককো বিব্ৰত কৰি তুলিছে। কিয়নো দেশৰ কোটি কোটি জনতাক একত্ৰিত কৰি সাম্ৰাজ্যবাদী ইংৰাজৰ বিৰুদ্ধে ২০০ বছৰীয়া স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া কংগ্ৰেছ আজি অস্তিত্বহীন হবলৈ ওলাইছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চল কংগ্ৰেছৰ দুৰ্গ স্বৰূপ আছিল। ৮০ৰ দশকত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত চলা বিদেশী বহিস্কৰণ আন্দোলনৰ সময়ছোৱাত সাংগঠনিকভাৱে কিছু দুৰ্বল হৈছিল কংগ্ৰেছ।

অৱশ্যে পৰৱৰ্তী সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলত পুনৰ শক্তিশালী ৰূপত উজ্জ্বীৱিত হৈছিল দলটো। ২০০১ৰ পৰা ২০১৬লৈ একেৰাহে ১৫ বছৰ অসমত ক্ষমতাৰ বাঘজৰী নিজৰ দখলত ৰাখি অসমৰ ৰাজনৈতিক ইতিহাসত এক অভিলেখো ৰচিছে কংগ্ৰেছে। কিন্তু তাৰ পিছতো এই দলটো আজি তুলনামূলকভাৱে নবীন ৰাজনৈতিক শক্তি বিজেপিৰ সন্মুখত বিধ্বস্ত হৈছে কিয়।

উত্তৰ পূৰ্বঞ্চলৰ ৩খনকৈ ৰাজ্যত অলপতে অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ শোচনীয় পৰাজয়ৰ সন্মুখীন হল। দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হবলৈ মাজত মাত্ৰ এবছৰ থকা সময়ত কংগ্ৰেছৰ এই শোচনীয় পৰাজয়ে উত্তৰ পূৰ্বাঞ্চলৰ ধৰ্ম নিৰপেক্ষ ভোটাৰসকলক অধিক চিন্তিত কৰি তুলিছে।

উল্লেখ্য যে ২০১৬ চনত অসমত পোনপ্ৰথমবাৰৰ বাবে বিজেপি চৰকাৰ গঠিত হোৱাৰ পিছতে গেৰুৱাবাহিনীয়ে উত্তৰ পূৰ্বাঞ্চলত হিন্দুত্ববাদৰ প্ৰয়োগ কৰিবলৈ বিভিন্ন পৰিকল্পনা যুগুত কৰে। আৰু সেই মৰ্মে হিন্দুত্ববাদৰ বাবে প্ৰতিকূল জনগাঁথনি থকা স্বত্বেও ৰাজনৈতিক কৌশল আৰু চাতুৰ্যতাৰে বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলত হিন্দুত্ববাদৰ জয়যাত্ৰা অব্যাহত ৰাখিব পাৰিছে। দেশৰ হিন্দী বলয়ৰ অন্যতম ৰাজনৈতিক এজেন্দা হিন্দুত্ববাদৰ প্ৰয়োগে উত্তৰ পূৰ্বাঞ্চলত জনগাঁথনি আৰু জনজাতীয় সংস্কৃতিত আঘাত হনাটো প্ৰায় নিশ্চিত।

ৰাজনৈতিক আৰু সামাজিক বিশ্লেষকসকলেও এই দিশত সহমত প্ৰকাশ কৰিছে। গতিকে তেনে পৰিস্থিতিত বিজেপিৰ ধৰ্মীয় এজেন্দাক প্ৰতিহত কৰিবলৈ কংগ্ৰেছেই একমাত্ৰ শক্তি। কিন্তু সেই কংগ্ৰেছ আজি দলৰ দুৰ্গস্ৱৰূপ উত্তৰ পূৰ্বাঞ্চলতে ৰাজনৈতিকভাৱে উচন গৈছে। এই প্ৰসংগত সাধাৰণ পৰ্যবেক্ষণ অনুসৰি কংগ্ৰেছ নেতৃত্বক লৈ হয়তো দ্বিধাগ্ৰস্ত হৈ পৰিছে দেশৰ জনতা। কিয়নো নিৰ্বাচনী প্ৰক্ৰিয়াৰে মল্লিকাৰ্জুন খাৰ্গে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দেশৰ জনতাই প্ৰত্যক্ষ কৰা কিছু ৰাজনৈতিক কাম-কাজত স্পষ্ট হৈছে ৩কোণীয়া নেতৃত্বৰ উদাহৰণ। বহুক্ষেত্ৰত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দলীয় কাৰ্যসূচী আৰু ভৱিষ্যত কৰ্মপন্থা ঘোষণা কৰে। ঠিক একে সময়তে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে নিজাববীয়াকৈও কংগ্ৰেছৰ বহু দলীয় কাৰ্যসূচী ঘোষণা কৰিছে। আনকি তেওঁ বিদেশতো কংগ্ৰেছৰ নীতি-নিৰ্দেশনা ৰাজহুৱা কৰিছে। তাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ আন এগৰাকী জ্যেষ্ঠ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও বিভিন্ন সময়ত দলীয় নেতা-কৰ্মীসকলক নিজস্ব মতাদৰ্শৰে আহ্বান জনাই আহিছে।

উল্লেখ্য যে কংগ্ৰেছ দলৰ লগত দেশৰ নাগৰিকৰ মাজতো গান্ধী পৰিয়ালৰ সদস্য হিচাপে ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ প্ৰভাৱ অনস্বীকাৰ্য। ঠিক সেই সময়ত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছৰ নীতি-নিৰ্দেশনা ঘোষণা কৰাটো হয়তো বহুতৰ বাবে আচহুৱা যেন লাগিছে। উত্তৰ পূৰ্বাঞ্চলতো গান্ধী পৰিয়ালৰ অনস্বীকাৰ্য। বিশেষকৈ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মেঘালয়ত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ প্ৰভাৱ আজিও অনুভূত হয়। তেনে পৰিস্থিতিত হয়তো উত্তৰ পূৰ্বাঞ্চলৰ জনতাই কংগ্ৰেছৰ নেতৃত্বক ৩ কোণীয়া ৰূপত গ্ৰহণ কৰিবলৈ সন্মত হোৱা নাই। তাৰ পৰিণতিতে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডত কংগ্ৰেছৰ পৰাজয় হোৱা বুলিও একাংশ ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে। অৱশ্যে আগন্তুক সময়তো যদি এই ধাৰণা অব্যাহত থাকে তেন্তে, ২০২৪ৰ সাধাৰণ নিৰ্বাচনো কংগ্ৰেছৰ বাবে হয়তো সহজ নহব।