Local, Vocal, Global

আপোনাৰ ৰাশি কি? আজিৰ দিনটো কেনেকুৱা হ’ব

মেষঃ প্রেমত আনন্দ। মনত কিছু অহেতুক চিন্তাই ঠাই ললেও আপোনাৰ উপস্থিত বুদ্ধিৰ দ্বাৰা আঁতৰাব পাৰিব। সাহস আৰু দক্ষতা সমভাৱেলাভ কৰিব উপকৃত হ’ল। কর্মস্থানত আনন্দ। প্রেমত আনন্দ।

বৃষঃ  বিদ্যাত দুশ্চিন্তাৰ মাজেদি শুভ ইংগিত পাব। বিয়া-বাৰু বা উৎসৱ আদিত যাগদান কৰক। মাতৃৰ শৰীৰ চিন্তা। আর্থিক ব্যয় বৃদ্ধি পাব। ব্যৱসায়ত মধ্যম।

মিথুনঃ সময়ৰ নাটনি। মধ্যম দিন হলেও কর্মস্থানত ভালেই দেখিব। আর্থিকতো বেয়া নহ’ব। দায়িত্বপূর্ণ কামত মাংগিলক কৃতকার্য হোৱাৰ সম্ভাৱনা। বিদ্যাত শুড ফল। শৰীৰ মধ্যম।

কর্কটঃ কর্ম ব্যস্ততা। সহযোগীৰ সহায়ত উৎসাহ পাব। প্ৰতাৰকৰ বাবে দুশ্চিন্তা থাকিব। কর্মস্থানত আয় বৃদ্ধি কাৰক। নতুন কোনো উদ্দেশ্যেত সফল হ’ব।

সিংহঃ ৰাইজৰ লগত অতিৰিক্ত খৰচ। আচৰিত কথাৰ সম্ভেদ পাব। আর্থিকতত কিছু কষ্ট শৰীৰ সম্পর্কে উদাস নহ’ব। বিদ্যাত বেয়া বোলা নাযায়। ভ্ৰমণত অলপ সাৱধান থাকক।

কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব। কর্মক্ষেত্ৰত সহকৰ্মীৰ অলপ সতর্ক থকাটো উচিত হ’ব। প্রেমপ্রীতিত উদাস চিন্তা। পঢ়াত মধ্যম।

তুলাঃ শৰীৰ পূৰ্বৰ তুলনাত আশাপ্রদ। আগতে ভবা কথা আৰু কামৰ লগত আনৰ বিভেদ থাকিব। উচ্চ বিদ্যাত সাফল্য লাভ। আর্থিখ, আয়ু বৃদ্ধি পাব। কোনো প্রিয় লোকৰ যোগাযোগত আনন্দ।

বৃশ্চিকঃ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কিছু উচ্চ চিন্তা থাকিব আৰু সফলতাও পাব। কর্মস্থানত উন্নত আশা নকৰাই ভাল। পঢ়াত মনোনিবেশ কৰিব।

ধনুঃ দিনটোত পাৰিপাৰ্শ্বিক বাধা-বিঘিনিৰ কাৰণে মনটো গধুৰ হৈ থাকিব। শৰীৰৰ প্ৰতি আওকাণ নকৰিব। কর্মত খ্যাতি বুদ্ধিৰ যোগ।

মকৰঃ কৰ্মত মজলীয়া প্ৰভাৱ পৰিব। নিজৰ মান-সম্মানৰ ক্ষেত্ৰত সচেতনহ’ব। বিদ্যাত ধৈর্য ধৰক। পাৰিবাৰিক সামান্য উৎকণ্ঠা দেখা যায়। ভ্ৰমণত দ্রব্য লাভ কৰিব। ব্যৱসায়ত আশাপ্রদ উন্নতিৰ যোগ।

কুম্ভঃ নিজৰ উদ্দেশ্য সাধনত ব্ৰতী হওক। কর্মত দক্ষতা থাকিব।ব্যৱসায়-বাণিজ্য, উদ্যোগ আদিত সফলতাৰ ইংগিত দেখা যায়। পঢ়া-শুনাত শুভ।

মীনঃ যত্নৰ দ্বাৰা বিদ্যাত সাফল্য লাভ। আর্থিক ব্যয় বৃদ্ধি পাব। কোনো দূৰ বার্তাত আনন্দ লাভ, বেংক কর্মচাৰীৰ শুভ। কোনো কাৰণত মন চঞ্চল থাকিব। প্ৰেমত শুভ।