Local, Vocal, Global

আচলতে ফেইথ ফাউণ্ডেচনৰ নিচা মুক্তি কেন্দ্ৰত হৈছিল কি?

নিউজ ডেস্ক : বুধবাৰে মহানগৰীৰ খাৰগুলীত অৱস্থিত এটা নিচা মুক্তি কেন্দ্ৰত এগৰাকী বৃদ্ধ মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বাতৰি অনুসৰি, পাঠশালাৰ বাসিন্দা গিৰিজা মিৰি বুলি চিনাক্ত কৰা মৃত মহিলাগৰাকী ফেইথ ফাউণ্ডেচন নামৰ নিচা মুক্তি কেন্দ্ৰটোত ডেৰ মাহ ধৰি আছিল।

add3

উল্লেখ্য যে, ৰাজ্যিক ড্ৰাগ আৰু প্ৰতিৰোধ পৰিষদে মহিলাগৰাকীক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ।

পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাতিয়ে কেন্দ্ৰটো কোনো অনুজ্ঞাপত্ৰ অবিহনে চলি আছে আৰু কেন্দ্ৰটোত মহিলাসকলক শাৰীৰিক ভাৱে নিৰ্যাতন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে।

ইফালে, কেন্দ্ৰটোৰ মালিকৰ পৰিয়ালৰ এজন সদস্যই কয় যে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগ ভিত্তিহীন।

মহিলাগৰাকীয়ে জনাইছিল মৃত মহিলাগৰাকীৰ আত্মহত্যাৰ প্ৰৱণতা থকাৰ বাবে তেওঁক পৰিয়ালৰ সদস্যসকলে নিচা মুক্তি কেন্দ্ৰলৈ পঠিয়াইছিল। আনকি তেওঁ বহুবাৰ আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল আৰু এবাৰ তেওঁক তেওঁৰ পুত্ৰই ৰক্ষা কৰিছিল।

যেতিয়া তত্বাৱধায়কজন পুৱা ৬ বজাত সাৰ পাইছিল, তেওঁ মহিলাগৰাকীক ওলমি থকা দেখিছিল আৰু লগে লগে ফোন কৰিছিল।

আমি তেওঁ জীয়াই থাকিব পাৰে ভাবি নমাই আনিছিলো আৰু জগাই তুলিবলৈ চেষ্টা কৰিছিলো।

যেতিয়া তেওঁ সাৰ পোৱা নাছিল, আমি অনুভৱ কৰিছিলো যে মহিলাগৰাকী মৰি গৈছে আৰু আৰক্ষীক ফোন কৰিছিলো।