মৃত্যুক সাৱটি ল’লে পশ্চিমবংগৰ মন্ত্ৰী সুব্ৰত মুখাৰ্জীয়ে
তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুব্ৰত মুখাৰ্জীৰ মৃত্যু। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৰাজনৈতিক নেতাজনৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। সুব্ৰত মুখাৰ্জী বংগৰ পঞ্চায়ত মন্ত্ৰী আছিল। তেওঁৰ মৃত্যুত বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শোক প্ৰকাশ কৰিছে।
মুখাৰ্জীৰ মৃত্যুৰ খবৰ জনাই ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিমে কয়, চলিত সপ্তাহৰ আৰম্ভণিতে এঞ্জিওপ্লাষ্টি কৰা প্ৰবীণ ৰাজনৈতিক নেতাজনৰ হৃদৰোগত আক্ৰান্ত হৈ নিশা ৯.২২ বজাত মৃত্যু হয়। আনহাতে কালীঘাটৰ বাসগৃহত কালী পূজা কৰি থকা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সুব্ৰত মুখাৰ্জী চিকিৎসাধীন হৈ থকা এছ এছ কে এন চিকিৎসালয়ত উপস্থিত হয় আৰু ঘোষণা কৰে প্ৰবীণ ৰাজনীতিক গৰাকী আৰু নাই।
মমতা বেনাৰ্জীয়ে কয় যে, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে, তেওঁ আমাৰ মাজত নাই। তেওঁৰ মৃত্যু দলৰ উপৰিও মোৰ ব্যক্তিগত ক্ষেত্ৰত বৃহৎ ক্ষতি।যোৱা ২৪ অক্টোবৰতে উশাত-নিশাহত কষ্ট পোৱাৰ বাবে মুখাৰ্জীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫।