কঁঠালৰ গুটিত থাকে বহু ঔষধি গুণ
এতিয়া ফলৰ বতৰ। বজাৰত বিভিন্ন সুস্বাদু ফলৰ লগতে উভৈনদী হৈ পৰিছে কঁঠাল ৷
অতি সুস্বাদু আৰু স্বাস্থ্যৰ বাবে কঁঠাল উপকাৰী , বহুতে আকৌ ব্যঞ্জন হিচাপেও খাই ভাল পায় ৷
বহুতেই নাজানে কঁঠালৰ গুটিত বিভিন্ন ঔষধি গুণ থাকে ৷ কঁঠালৰ গুটিৰ ঔষধি গুণ আৰু উপকাৰীতা
কঁঠালৰ গুটিয়ে হজম শক্তি বৃদ্ধি কৰে ৷ ফলত কোষ্ঠ-কাঠিন্যৰ সমস্যা নিৰাময় হয় আৰু বিপাকক্ৰিয়া বাঢ়ে ৷
কঁঠালৰ গুটিত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে ৷ ফলত ই ডায়েৰিয়াৰ দৰে সমস্যাত কাম দিয়ে ৷
কঁঠালৰ গুটিত থকা ভিটামিন ‘এ’ দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ যিসকলৰ চকুৰ সমস্যা আছে, তেওঁলোকে চকুৰ যতন ল’বলৈ কঁঠালৰ গুটি খাব পাৰে ৷
উচ্ছমানৰ প্ৰ’টিনসমৃদ্ধ তথা কলেষ্টেৰ’ল বিহীন কঁঠালৰ গুটি খালে দেহটো পেশীবহুল হয়৷ লগতে কেল’ৰিও পোৱা যায়৷
যিসকলে নিতৌ শৰীৰ চৰ্চা কৰে তেওঁলোকৰ বাবে কঁঠালৰ গুটি হ’ব পাৰে উপকাৰী খাদ্য ৷
কঁঠালৰ গুটিয়ে বয়সৰ চাপ দূৰ কৰাত সহায় কৰে ৷
কঁঠালৰ গুটি শুকুৱাই লৈ গুৰি কৰি গাখীৰৰ সৈতে মিহলাই পেষ্ট তৈয়াৰ কৰি দুসপ্তাহ মুখত ঘঁহিলে ছালৰ উজ্জ্বলতা বাঢ়ে আৰু বয়সৰেখা নাইকিয়া হয়৷
চুলিৰ যতন লোৱাৰ ক্ষেত্ৰতো কঁঠালৰ গুটি ব্যৱহাৰ কৰিব পাৰি ৷ ইয়াত থকা ভিটামিন ‘এ’ চুলিৰ স্বাস্থ্য ভালে ৰাখে ৷
কঁঠালৰ গুটি খালে চুলিৰ আগ ফটাৰ সমস্যা দূৰ হয় । কঁঠালৰ গুটিত থকা প্ৰ’টিন আৰু আইৰণে চুলিৰ বাবে টনিকৰ কাম কৰে৷
কঁঠালৰ গুটিয়ে ছালৰ আদ্ৰৰ্তা বজাই ৰখাৰ লগতে ছাল কোমল কৰে আৰু সতেজতা বঢ়ায় ৷ ইয়াৰ বাবে কঁঠালৰ গুটি গুৰি কৰি সামান্য গাখীৰ আৰু মৌৰ সৈতে মিহলাই ছালত লগাব লাগে
মানসিক চাপ কমোৱাত সহায় কৰে কঁঠালৰ গুটিয়ে, ইয়াত থকা প্ৰ’টিন আৰু মাইক্ৰ’নিউট্ৰিয়েন্টছে মস্তিষ্কৰ ৰাসায়নিক উপাদানসমূহৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰে ৷ ফলত মানসিক চাপ কমে ৷
কঁঠালৰ গুটিয়ে হৃদযন্ত্ৰ সুস্থ ৰখাত কাম কৰে ৷
ৰক্তহীনতাৰ সমস্যাতো কঁঠালৰ গুটি উপকাৰী ৷
লগতে পঢ়ক