Autoimmune flare ups ত মাজে মাজে কৰা উপবাসে কেনেদৰে সহায় কৰে ?

যেতিয়া আপুনি দীৰ্ঘ সময়ৰ বাবে উপবাস কৰে, তেতিয়া আপোনাৰ শৰীৰটোয়ে খাদ্য হজম কৰা অথবা খাদ্যত থকা প্ৰদাহজনক কাৰকৰ পৰা প্ৰতিৰক্ষা কৰাত ব্যস্ত নহয় বাবে জিৰণি লোৱা আৰু আৰোগ্য হোৱাৰ সুযোগ লাভ কৰে ।

বিশ্ৰামৰ এই অৱস্থাটো অট'ইমিউনিটিক নিয়ন্ত্ৰণৰ বাবে বিশেষভাৱে সহায়ক হ’ব পাৰে । প্ৰদাহ- যি অট'ইমিউন ৰোগৰ মূলত থাকে, তাক মাজে মাজে উপবাস কৰি হ্ৰাস কৰিব পাৰি।

ইয়াত প্ৰণালীগত প্ৰদাহ আৰু প্ৰ’ইনফ্লেমেটৰী চাইট’কাইন, কোষ সংকেত প্ৰদানকাৰী অণুৰ মাত্ৰা কম হোৱা দেখা যায় যিয়ে ৰোগটোক আৰু অধিক ভয়াৱহ কৰি তোলে ।

উপবাসৰ লগত অট'ফেজি নামৰ এটা প্ৰক্ৰিয়া জড়িত হৈ থাকে, যাৰ অৰ্থ হৈছে ‘Self-eating’ য’ত ক্ষতিগ্ৰস্ত কোষবোৰ পৰিষ্কাৰ কৰি মাইট’কণ্ড্ৰিয়াক মেৰামতি কৰা হয় । মাইট’কণ্ড্ৰিয়া হৈছে শৰীৰৰ শক্তি কাৰখানা, আৰু এই প্ৰক্ৰিয়াটোৱে (জ্বলা-ফুলা (Flare up)ৰ সময়ত স্থিতিস্থাপকতা প্ৰদান কৰাত সহায় কৰে ।

উপবাসে শৰীৰত কৰ্টিছলৰ মাত্ৰাও বৃদ্ধি কৰে, যিয়ে অট'ইম্যুন ফ্লেয়াৰ আপ লক্ষণসমূহ দমন কৰাত সহায় কৰে ।

ইয়াৰ উপৰিও ই আপোনাৰ বৃদ্ধি হৰম’নক ৰাতিটোৰ ভিতৰতে সঠিকভাৱে কাম কৰিবলৈ  স্থান আৰু সময় দিয়ে, যিয়ে গোটেই দিনটো ক্ষতিগ্ৰস্ত হোৱা কোষবোৰ মেৰামতি কৰে ।