কলডিলৰো আছে বহু ঔষধি গুণ

সকলোৰে প্ৰিয় ফল হ'ল কল  । বহুতে দৈনিক খাদ্য তালিকাত কল ৰাখে ৷ 

বহুতে কল খায় যদিও, কলফুল বা কলডিল খাবলৈ বেয়া পায় ৷ কিন্তু জানি আচৰিত হ’ব যে কলতকৈ কলডিল স্বাস্থ্যৰ বাবে বেছি উপকাৰী ৷ 

কলত যিবোৰ পুষ্টিকৰ উপাদান থাকে সেই সকলোবোৰেই কলডিলতো থাকে ৷

গ্ৰামাঞ্চলত কলডিলৰ পাচলিৰ প্ৰচলন আটাইতকৈ বেছি ৷ 

কলডিলত প্ৰচুৰ পৰিমাণে কাৰ্ব-হাইড্ৰেট, প্ৰ’টিন, ফেট্‌ছ, ফাইবাৰ, কেলছিয়াম, ফছফৰাচ, আইৰণ, ক’পাৰ, মেগনেছিয়াম আৰু ভিটামিন-ই থাকে ৷ সেয়ে কলডিলে প্ৰাকৃতিক ঔষধৰ দৰে কাম কৰে ৷

 কলডিলত শক্তিশালী এণ্টি অক্সিডেণ্ট থাকে । তাৰোপৰি ভিটামিন বি-৬, ভিটামিন-চি আৰু আঁহযুক্ত উপাদান থাকে ৷

বিশেষজ্ঞসকলে কলডিলক প্ৰাকৃতিক ঔষধ বুলি বিবেচনা কৰে ৷ 

উল্লেখ কৰা হ’ল কলডিলৰ উপকাৰিতাসমূহ

কলডিলত থকা উপাদানে জীৱাণুৰ সৈতে যুঁজ দিয়াৰ শক্তি বঢ়ায় ৷ ই মেলেৰিয়াৰ বেক্টেৰিয়া ধবংস কৰে ৷ কলডিলে দেহত কোনো ধৰণৰ পৰজীৱী জন্ম ল’বলৈ নিদিয়ে ৷ 

দেহত বিভিন্ন ৰোগৰ বাবে ফ্ৰী ৰেডিকেল্‌ছৰ সৃষ্টি হ’ব পাৰে ৷ কলডিলৰ গোন্ধে এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে ৷

কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধি দূৰত ৰখাত সহায় কৰে কলডিলে৷ বয়স হ’লে ছালত দেখা দিয়া বলিৰেখা আঁতৰোৱাতো সহায় কৰে কলডিলে ৷

কলডিলে মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা পেটৰ বিষ কমায় ৷ ৰক্তহীনতা আঁতৰ কৰাতো সহায় কৰে ৷ যিসকলৰ ৰক্তহীনতাৰ সমস্যা আছে তেওঁলোকে দৈনিক কলডিলৰ পাচলি খাব পাৰে ৷ কলডিলে মাতৃ দুগ্ধ বঢ়ায় ৷

মধুমেহ আৰু মহিলাসকলৰ এনিমিয়া প্ৰতিৰোধ কৰাত কলডিলৰ উপকাৰিতা অপৰিসীম ৷ তেজত শৰ্কৰা কমোৱাৰ ক্ষেত্ৰতো কলডিলে কাম কৰে ৷

উদ্বেগ আঁতৰায়ঃ এণ্টি ডিপ্ৰেছনৰ সমস্যা হ’লে অইন দৰৱ নাখাই কলডিল খাব পাৰে ৷

হৃদৰোগৰ আশংকা কমায়ঃ কলডিলত থকা এণ্টি অক্সিডেণ্টে উন্মুক্ত ৰেডিকেল্‌ছৰ বিৰুদ্ধে কাম কৰে ৷ ইয়াত থকা ফেনালিক এচিড আৰু অন্যান্য বায়’এক্টিভ্‌ উপাদানসমূহে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ৷