ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এবিধ সোৱাদযুক্ত ফল নুনি

অসমীয়া সমাজ জীৱনত অতীজৰে পৰা প্ৰচলিত এবিধ ফল হৈছে নুনি অথবা মালবেৰী

নুনি সহজতে লাভ কৰিব পৰা এবিধ অখ্যাত ফল যি আপোনাৰ শৰীৰৰ বাবে অত্যন্ত উপযোগী

অতীজৰে পৰাই মানুহে নুনি গছৰ পাত আৰু পাতৰ ৰস, গছৰ গুটি, গা-ছালৰ ৰস আদিবোৰ খাই আহিছে 

ইয়াৰ ঔষধি গুণৰ কথা সকলোৱে জ্ঞাত নহয় যদিও বহুতে ইয়াক অন্য ফলৰ দৰেই খাই অহাৰ লগতে গছজোপাৰ পাতক শাক হিচাবে ব্যৱহাৰ কৰি আহিছে

সতেজ নুনি বা মালবেৰীত ৮৮ শতাংশ পানী,  ১.৭ শতাংশ কেলৰি , ১.৪ শতাংশ আহঁযুক্ত পদাৰ্থ, ০.৪১ শতাংশ প্ৰটিন আৰু চৰ্বী থাকে

তাৰোপৰি এই নুনিফলত বহু পৰিমানে আছে আইৰণ, ভিটামিন-C, ভিটামিন E, ভিটামিন K আৰু পটাছিয়াম

নুনিত থকা এন্থোচাইনিন (Anthocyanin)এ কলেষ্টেৰল নিয়ন্ত্ৰণ আৰু হৃদৰোগ প্ৰতিৰোধত বহুখিনি কাম কৰে

নুনি পাতৰ পৰা চাহৰ দৰে পনীয় প্ৰস্তুত কৰিও পান কৰিব পাৰি

কেচাঁ নুনিগুটি খোৱাটো শৰীৰৰ কাৰণে হানিকাৰক, কিন্তু ইয়াৰ পাতৰ ৰস খাব পৰাটো শৰীৰৰ কাৰণে ভাল

এই নুনিৰ পৰা ব্ৰেড, মাফিনচ, জাম, সুৰা আৰু Ice cream আদিও বনোৱা হয়