কেঁচা জলকীয়াই বহু জটিল ৰোগত ঔষধৰ কাম কৰে

কেঁচা জলকীয়াই খাদ্যৰ সোৱাদৰ লগতে সুগন্ধি বঢ়ায়

উল্লেখ কৰা হ’ল কোনবোৰ সমস্যা অথবা ৰোগত কেঁচা জলকীয়াই ঔষধ হিচাপে কাম কৰে

চিকিৎসকসকলৰ মতে কেৱল সোৱাদ বৃদ্ধিয়েই নহয়, কেঁচা জলকীয়াত থাকে বহু উপকাৰী গুণ

পিছে অত্যধিক জ্বলায়ো খাদ্যনলীৰ ক্ষতি কৰে 

কেঁচা জলকীয়াত ভিটামিন-চি থাকে

কেঁচা জলকীয়াত ভিটামিন বি-৬, ভিটামিন-এ, আইৰণ, কপাৰ, পটাছিয়াম আৰু সামান্য পৰিমাণৰ প্ৰ’টিন তথা কাৰ্বোহাইড্ৰেটৰ লগতে কেৰ’টিন-বি, কেৰ’টিন-এ আৰু লিউটেইন আদিৰ দৰে উপাদান থাকে

চিকিৎসকসকলৰ মতে পাকস্থলীৰ কৰ্কট ৰোগত কেঁচা জলকীয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয় 

কেঁচা জলকীয়াই আন বিভিন্ন জটিল ৰোগতো ঔষধৰ কাম কৰে 

কেঁচা জলকীয়াই পাকস্থলীৰ কৰ্কট ৰোগৰ লগতে পাকস্থলীৰ যিকোনো ৰোগ নিৰাময় কৰে ৷  খাদ্য হজম কৰাতো সহায় কৰে কেঁচা জলকীয়াই ৷

কেঁচা জলকীয়াত থকা ৰাসায়নিক উপাদানসমূহে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰি ৰখাতো সহায় কৰে ৷ তাৰোপৰি কটা-ছিঙাৰ ফলত হোৱা ৰক্তপাত বন্ধ কৰে জলকীয়াই ৷ 

ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়ঃ জলকীয়াত থকা এণ্টিবেক্টেৰিয়েল গুণে শৰীৰত জীৱাণুৰ সংক্ৰমণ প্ৰতিৰোধ কৰে ৷ 

দৈনিক কেঁচা জলকীয়া খোৱাৰ অভ্যাসে পানীলগা সমস্যা, কাঁহ-চৰ্দি আৰু আনকি হাওঁফাওঁৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷ 

 কেঁচা জলকীয়াই টিছুসমূহৰ পুনৰগঠন কৰে, নতুন ৰক্তকোষৰ সৃষ্টি কৰে, হাড় সু্‌স্থ আৰু শক্তিশালী কৰি ৰাখে

যিসকলে দৈনিক কেঁচা জলকীয়া খায়, তেওঁলোকৰ ছালত বয়সৰেখা নাথাকে ৷ বয়স ধৰি ৰখাৰ ক্ষেত্ৰত কেঁচা জলকীয়াই যাদুৰ দৰে কাম কৰে

তাৰোপৰি মন-মগজু সতেজ কৰি ৰাখে কেঁচা জলকীয়াই