Local, Vocal, Global

Convocation of Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ দেশৰ উপ-ৰাষ্ট্ৰপতিৰ

ডিজিটেল ডেস্ক:- বুধবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত(Dibrugarh University) অনুষ্ঠিত হৈ যায় ২১ সংখ্যক সমাৱৰ্তন সমাৰোহ(21st convocation Ceremony of Dibrugarh University) ৷ এই সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধানখড়ে(Vice President jagdeep Dhankhar) । দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধানখড়ৰ লগতে উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma) ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ( Assam Governor Gulab Chand Kataria) পৌৰহিত্যত অনুষ্ঠিত সমাৱৰ্তনত সাহিত্যিক নিৰূপমা বৰগোহাঞিক সন্মানীয় ডি লিট আৰু বৰেণ্য বিজ্ঞানী ড০ ভূপেন্দ্ৰনাথ গোস্বামীলৈ আগবঢ়োৱা হয় ডি এছ চি সন্মান ।

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উৎসাহিত শিক্ষক-শিক্ষাৰ্থীসকল । ২১ সংখ্যক দীক্ষান্ত সমাৰোহত উপস্থিত থাকে জগদীপ ধানখাড় সহ তেওঁৰ পত্নীও ।সমাৰোহত উপস্থিত তাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী(Union Minister of State Rameswar Teli), মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা(Chief Minister Himanta Biswa Sarma), শিক্ষা মন্ত্ৰী ৰণোজ পেগু(Assam Education Minister Ranoj Pegu)।

সমাৰোহতে অসমৰ ভাষা- সাহিত্যৰ জগতখনলৈ বিশেষ অৱদান আগবঢ়োৱা স্বনামধন্য সাহিত্যিক নিৰুপমা বৰগোহাঞিক সন্মানীয় ডি লিট আৰু বতৰ বিজ্ঞানৰ গৱেষণাৰ ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়োৱা বৰেণ্য বিজ্ঞানী ড° ভূপেন্দ্ৰ নাথ গোস্বামীক ডি এচচি সন্মানেৰে সন্মানিত কৰা হয় ।

সমাৰোহত মুঠ ১৬৮৪ গৰাকী শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। তাৰে ৭৫ গৰাকীক পি.এইচ.ডি, ৭২ গৰাকীক এম.ফিল, ৪৩ গৰাকী শিক্ষাৰ্থীক স্বৰ্ণপদক আৰু ৩গৰাকী শিক্ষাৰ্থীক বিজ্ঞান, কলা আৰু বানিজ্যৰ শিতান শ্ৰেষ্ঠ স্নাতকৰ স্বৰ্ণপদক প্ৰদান কৰা হয় ।