১০ বছৰৰ পাছত জিয়া খানৰ আত্মাহত্যাৰ গোচৰৰ ৰায়দান; সুৰজ পাঞ্চালীক দোষমুক্ত ঘোষণা আদালতৰ

ডিজিটেল ডেস্ক:- সূৰজ পাঞ্চোলীক দোষমুক্ত ঘোষণা আদালতৰ।শুকুৰবাৰে CBI বিশেষ আদালতে এই ৰায় প্ৰদান কৰে।অভিনেত্ৰী জিয়া খানৰ আত্মহত্যাৰ গোচৰত অভিযুক্ত আছিল সূৰজ পাঞ্চোলী।
শুকুৰবাৰে মুম্বাইৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ বিশেষ ব্যুৰো আদালতে জিয়াৰ মৃত্য়ুৰ গোচৰৰ ৰায়দান প্ৰদান কৰে। ২০১৩ চনৰ ৩ জুনত মুম্বাইৰ নিজ গৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল জিয়াক।তাৰ পাছতে ৭ জুনত জিয়াৰ ঘৰৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।উদ্ধাৰ কৰা চুইচাইড নোট খন ৬ পৃষ্ঠাৰ আছিল। এই পত্ৰৰ আধাৰত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ আৰোপ কৰা হৈছিল সূৰজ পাঞ্চোলীৰ বিৰুদ্ধে।
চুইচাইড নোটখনত জিয়া আৰু সূৰজৰ অন্তৰংগ মুহুৰ্তৰ লগতে জিয়াক সূৰজে চলোৱা শাৰীৰিক,মানসিক নিৰ্যাতনৰ বিষয়ে উল্লেখ কৰিছিল।
এই গোচৰৰ তদন্ত চিবিআইয়ে কৰিছিল আৰু জিয়া মাকে কৈছিল যে সূৰজে জীয়াক আত্নহত্যাৰ বাবে প্ৰৰোচিত কৰিছিল।আৰু তাৰ পাছতে এই গোচৰটোৰ শুনানি আদালতত চলি আছিল।
সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছিল এই গোচৰটোৰ আদালত ৰায়ৰ ওপৰত।শুকুৰবাৰে আদালতে কয় যে সূৰজ পাঞ্চোলীৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নাই, সেয়ে তেওঁক অভিযোগৰ পৰা মুক্ত কৰা হৈছে।
CBI আদালতৰ পৰা সকাহ পাইছে সূৰজ পাঞ্চোলীয়ে । এই গোচৰৰ সৈতে জড়িত সকলো লোক এই সিদ্ধান্তৰ সময়ত আদালতত উপস্থিত আছিল। চিবিআইৰ বিশেষ আদালত সূৰজ পাঞ্চোলী লৈ আহিছিল মাতৃ আৰু প্ৰবীণ অভিনেত্ৰী জৰিনা ৱাহাবক লৈ।
একে সময়তে বিশেষ চিবিআই আদালতৰ এই সিদ্ধান্তত অসন্তুষ্ট হৈ জিয়া খানৰ মাতৃ ৰাবিয়া খানে এই সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ কয়।জিয়া খানৰ মাতৃ ৰবিয়া খানৰ অধিবক্তাই কয় যে মুম্বাইৰ চিবিআই আদালতৰ বিশেষ ন্যায়াধীশ এ এছ ছায়েদে জিয়া খানৰ মৃত্যুৰ গোচৰত সূৰজ পাঞ্চোলীক ক্লিন চিট দিয়াৰ পিছত আমি ৰায়দান অধ্যয়ন কৰি উচ্চ ন্যায়ালয়ত আবেদন কৰিম।
সূৰজ পাঞ্চোলী নিৰ্দোষী সাব্যস্ত হোৱাৰ পাছত জিয়াৰ মাতৃ ৰবিয়া খানে কয় যে তেওঁ এই বিষয়টো সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ কাষ চাপিব। “আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ নাইকিয়া হৈছে। কিন্তু মোৰ সন্তানৰ মৃত্যু কেনেকৈ হ’ল? এইটো এটা হত্যাৰ ঘটনা।
জিয়া খানৰ মৃত্যুৰ পিছত, তাইৰ মাক আৰু আন আত্মীয়সকলে সূৰজক “জিয়াক সন্মান নকৰা” আৰু “বেয়া ব্যৱহাৰ কৰা, তাইক শাৰীৰিক নিৰ্যাতন কৰা” বুলি অভিযোগ কৰিছিল।