কৃষকৰ প্ৰতিবাদত স্তব্ধ ৰে’ল চলাচল
উত্তৰ প্ৰদেশৰ লখিমপুৰ হিংসাৰ ঘটনাৰ বিৰুদ্ধে ইউনাইটেড কিষাণ মৰ্চাই সোমবাৰে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।সংগঠনটোৰ দাবী কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰক বৰ্খাস্ত নকৰালৈকে লখিমপুৰ গোচৰৰ নিৰপেক্ষ তদন্ত হ’ব নোৱাৰে। সংগঠনটোৰ নেতাসকলে মিশ্ৰক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে। মৰ্চাই লখিমপুৰ গোচৰটোক গণহত্যা বুলি অভিহিত কৰিছে। সংগঠনটোৱে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি সমগ্ৰ দেশতে ৰেলপথ অবৰোধ কৰিছে।
কৃষকৰ আন্দোলনৰ ফলত ৰোহতক, পানীপথ, সোনেপথ, কুৰুক্ষেত্ৰ, কাইথাল, বাহাদুৰগড়, আম্বালা, জলন্ধৰ, লুধিয়ানা, চণ্ডিগড়, অমৃতসৰ, জম্মু, মীৰাট, গাজিয়াবাদ, চামলি, চাহাৰনপুৰ, মোৰাদাবাদকে ধৰি বিভিন্ন অঞ্চলত ৰে’ল চলাচল বন্ধ হৈ পৰিছে। পূৰ্বেও কৃষকসকলে কেইবাবাৰো এই ৰেলপথবোৰৰ বিভিন্ন স্থানত অৱৰোধ কৰিছিল।
হাৰিয়ানাৰ ৰেৱাৰীত কৃষকসকলে বিগত ১০ মাহ ধৰি দিল্লী-জয়পুৰ ঘাইপথৰ জয়সিংপুৰ খেদা সীমান্তত ধৰ্ণা দি আহিছে।সোমবাৰে কৃষকসকলে ৰাজস্থান সীমান্তৰ আজাৰকা ৰে’ল ষ্টেচনত ৰেৱাৰী-আলৱাৰ ৰে’লপথ অবৰোধ কৰিছে। কৃষকসকলে প্ৰতিবাদত ৰেৱাৰীৰ ৰে’ল ষ্টেচনতে আৱদ্ধ হৈ থাকে।কৃষকৰ এই প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বৃদ্ধি কৰা হৈছে।
ৰেৱাৰী ৰেল ষ্টেচনৰ উপৰিও, বাৱালকে ধৰি কেইবাটাও ষ্টেচনত জি আৰ পি, আৰ পি এফ আৰু ৰেৱাৰী আৰক্ষী মোতায়েন কৰা হৈছে। ইউনাইটেড কিষাণ মৰ্চা ৰেৱাৰীৰ সভাপতি কমৰেড ৰাজেন্দ্ৰ সিঙে কৈছে যে সকলো শ্ৰমিক পুৱা ১০ বজাৰ আগতে ৰেৱাৰীৰ নিউ গ্ৰেইন মাণ্ডিত একত্ৰিত হৈছে। তেওঁলোকে ইয়াৰ পৰা প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদৰ ফলত ৰেৱাৰী-দিল্লী ট্ৰেক জাম হৈ পৰিছে
এই প্ৰতিবাদৰ প্ৰভাৱ উত্তৰ প্ৰদেশৰ পশ্চিম জিলাসমূহত অধিক দেখা গৈছে। কৃষকসকলে মুজাফ্ফৰনগৰত ৰেলপথ অৱৰোধ কৰিছে। ফলত বহু ৰেলৰ গতি হ্ৰাস হৈছে। কৃষকসকলে গাজিয়াবাদত ৰেল ৰখাইছে। অৱশ্যে, বুলন্দচহৰত, হৰপাল গোটে ৰেল ৰ’কো আন্দোলন বাতিল কৰিছে।
ইউনাইটেড কিষাণ মৰ্চাই কৈছে যে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, পঞ্জাৱ আৰু অন্যান্য ৰাজ্যত লখিমপুৰৰ খেৰী কিষাণ গণহত্যাৰ শ্বহীদসকলৰ চিতাভস্মৰ সৈতে শ্বহীদ কলশ যাত্ৰা উলিওৱা হৈছে। বহু সংখ্যক লোকে এই যাত্ৰাত যোগদান কৰিছে। কৃষক নেতাসকলে সতৰ্ক কৰি দিছে যে ৰেল ৰ’কো আন্দোলনৰ পিছতো তেওঁলোকৰ দাবী পূৰণ নকৰিলে আন্দোলন তীব্ৰতৰ কৰা হ’ব। সমগ্ৰ দেশৰ কৃষক নেতাসকলে এখন সভা অনুষ্ঠিত কৰিব আৰু আগলৈ এক ৰণনীতি প্ৰস্তুত কৰিব।