Local, Vocal, Global

Upgradation to University: বাতিল হ’ল ৮ খন মহাবিদ্যালয়ৰ বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া

গুৱাহাটী, ১৬জুন : উচ্চ শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বাতিল হ’ল ৰাজ্যৰ ৮ খন মহাবিদ্যালয়লক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া। বিশ্ববিদ্যালয়লৈ উন্নীত নহয় ৰাজ্যৰ আঠখন কলেজ।শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে প্ৰকাশ কৰিলে এই সিদ্ধান্ত।

২০২৩-২৪ বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাজ্যৰ মুঠ ৮ খন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল(Upgradation to University)। মহাবিদ্যালয় কেইখন আছিল ক্ৰমে, শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ মহাবিদ্যালয়, যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, নগাওঁ মহাবিদ্যালয় আৰু গুৰুচৰণ মহাবিদ্যালয়।

২০২৩-২৪ বৰ্ষৰ বাজেট দাখিলৰ সময়ছোৱাত একাংশই এই সিদ্ধান্তৰ সমৰ্থন কৰিছিল যদিও আন একাংশই এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।এই ৮খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ মাজতে আজি ৰাজ্যৰ উচ্ছ শিক্ষা বিভাগে এক জাননীৰ জৰিয়তে সেই সিদ্ধান্ত বাতিল কৰিছে।

উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাই বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কথা ঘোষণা কৰা ৮ খন কলেজলৈ এক জাননী প্ৰেৰণ কৰি পূৰ্বৰ সিদ্ধান্ত বাতিলৰ কথা অৱগত কৰে।

লগতে পঢ়ক : Police detained Sikha Sharma: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে শিখা শৰ্মাক