Local, Vocal, Global

বকোত উপেন্দ্ৰনাথ ব্ৰহ্ম শ্ৰদ্ধা নিবেদী “ছাত্ৰ দিৱস পালন “

ডিজিটেল ডেস্ক:- বড়ো জাতিৰ পিতৃপুৰুষ মহীৰূহ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম জন্ম দিনত এই বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত পালন কৰিবলৈ লোৱা হয় ছাত্ৰ দিৱস। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বকোত বড়ো ভাষা শিক্ষা প্ৰতিষ্ঠানত প্ৰাঙ্গনত ইউ এন একাডেমিয়ে পালন কৰিছে ছাত্ৰ দিৱস। বড়ো ভাষাত ” ফাৰাইছা চান” অৰ্থাৎ ছাত্ৰ দিৱস উপলক্ষে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম দেবৰ প্ৰতি ছবিত মাল্যাৰ্পন আৰু পূজা অৰ্চনাৰে ছাত্ৰ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে। বডোফা জনৰ কৰ্ম ৰাজীৰ ওপৰতো বিসদ আলোকপাত কৰাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ মাজত সংযোগী কুইজ- আবৃতি আদিৰ আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি আগধৰে প্ৰতিষ্ঠান খনৰ সভাপতি তথা ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যবাহী পৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে তেখেতে বডোফা জনৰ আদৰ্শৰে ছাত্ৰ ছাত্ৰী সকলক আগবাঢ়ি যাবৰ বাবে কয়। দিৱসত উপস্থিত থাকে একাডেমীৰ অধ্যক্ষ তীৰ্থনাথ বড়ো, শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী, অভিভাৱক, জিলা বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব।