দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ ,সংঘৰ্ষত নিহত ২৬ জন লোক,আহত ৮৫ জনৰো অধিক…

গ্ৰীচত শোকাৱহ ৰে’ল দুৰ্ঘটনা।জানিব পৰা মতে নিশা গ্ৰীচৰ দুখন ৰে’লৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত কমেও ২৬ জন লোক নিহত হয় আৰু আহত হয় ৮৫ জনৰো অধিক।
জানিব পৰা মতে আঘাতপ্ৰাপ্ত লোকসকলকক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।মৃতকৰ সংখ্য়া বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক।
তথ্য অনুসৰি, দুৰ্ঘটনাটোৰ পিছত ৰে’ল ট্ৰেকৰ কাষত ৰে’লৰ কম্পাৰ্টমেন্টবোৰ পৰি থকা দেখা গৈছে।
জানিব পৰা মতে,দুৰ্ঘটনাটোৰ পিচত ৰে’লৰ পৰা বহু সময়লৈ ধোঁৱা ওলাই আছিল।ৰে’ল দুৰ্ঘটনাৰ পিছত ৰে’লত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰীসকলে টৰ্চ লৈ যাত্ৰীসকলক বিচাৰিছিল আৰু চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল।দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
গ্ৰীচৰ থিচলি অঞ্চলৰ গভৰ্ণৰে জনোৱা মতে এখন যাত্ৰীবাহী ৰে’ল এথেন্সৰ পৰা উত্তৰৰ থেছালোনিকি চহৰলৈ যাত্ৰা কৰি আছিল। আনহাতে, আন এখন মালবাহী ৰে’ল থেছালোনিকিৰ পৰা লাৰিছালৈ আহি আছিল। এই দুখন ৰে’লৰ লাৰিছা চহৰ পোৱাৰ আগতে মুখামুখি সংঘৰ্ষ হৈছিল।
এগোৰাষ্টোছে জনোৱা অনুসৰি ৰে’লখনত প্ৰায় ৩৫০ জন লোক আছিল। ইয়াৰ ভিতৰত, ২৫০ জন যাত্ৰীক ৰে’লখনৰ পৰা সুৰক্ষিতভাৱে উদ্দাৰ কৰা হৈছে আৰু বাছত থেছালোনিকি চহৰলৈ প্ৰেৰণ কৰা হয়।