Local, Vocal, Global

শোকাৱহ ঘটনা! দেউতাকৰ লগত বজাৰ কৰিবলৈ ওলাই গৈ ঘৰলৈ উভতি নাহিল ১২ মহীয়া সন্তান…

ডিজিটেল ডেস্ক অতি শোকাৱহ ঘটনা।গহপুৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনাতো। জন্মদিনৰ দিনাই পুৱা ৮ বজাত পিতৃৰ সৈতে ওলাই গৈছিল ১২ মহীয়া সন্তান । পৰৱৰ্তী সময়ত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয় নিকটৱৰ্তী পথাৰৰ মাজৰ পৰা ।পথাৰখনত পুৱাই গৰু দিবলৈ আহি গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ। এই নিৰ্দয় জনক ঘটনাটো সংঘটিত হৈছে গহপুৰ সোণালী বৰিৰ ককিলা পথাৰত ।মৃত শিশুটি সোঙালীবড়ি গাঁৱৰ শচীন বৰদলৈৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।জানিব পৰা মতে, শিশুটিৰ এবছৰীয়া জন্মদিন আছিল।
এবছৰীয়া জন্মদিন উপলক্ষে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত ঘৰৰ পৰা দেউতাকৰ লগত ওলাই গৈছিল বজাৰ কৰিবলৈ।

উক্ত সময়ৰ পৰা পিতা-পুত্ৰ সন্ধানহীন হৈ আছিল।কিন্তু ৯ মাৰ্চৰ পুৱা ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয় শিশুটিৰ।শিশু পৰাগজ্যোতি বৰদলৈৰ পিতৃ শচীন বৰদলৈ সম্প্ৰতি সন্ধানহীন হৈ আছে।

ইতিমধ্যে গহপুৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । উল্লেখ্য যে শিশুটিৰ দেহত বাহ্যিক ভাবে একো আঘাতৰ চিন দেখা নোপোৱাৰ পোৱা নাই। আৰক্ষীৰ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত আছে ।