Local, Vocal, Global

লুধিয়ানাৰ কাৰখানাত বিষাক্ত গেছ লিক ; ৯ জন লোক নিহত ,আহত ১১ জনকৈ লোক

নেশ্যনেল ডেস্ক, ২৯ এপ্ৰিল: পঞ্জাৱৰ লুধিয়ানাত ভয়ংকৰ ঘটনা।পঞ্জাৱৰ লুধিয়ানাৰ কাৰখানাত বিষাক্ত গেছ লিক।দেওবাৰে পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো।

দেওবাৰে ৰাতিপুৱা লুধিয়ানাৰ শ্বেৰপুৰ চকৰ ওচৰৰ চুয়া ৰোডৰ এটা কাৰখানাত গেছ লিক হয়।যাৰ ফলত কমেও ৯ জন লোক নিহত হয় আৰু ১১ জনকৈ লোক আহত হয়। একে সময়তে কাৰখানাটোত আন বহুতো লোক আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে।ঘটনা সংঘটিত হোৱাৰ পাছতেই উক্ত স্থানত আৰক্ষী উপস্থিত হয়।
আৰু আহত লোক সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অট্টালিকাটোৰ আশে-পাশে থকা বহু লোক অচেতন হৈ পৰিছে। ঘটনাক লৈ তদন্ত আৰম্ভ কৰা হৈছে।বৰ্তমানলৈকে আৰক্ষীয়ে জানিব পৰা নাই এই বিষাক্ত গেছৰ লিকৰ কাৰণ।

ইতিমধ্যে ঘটনাস্থলীত এন ডি আৰ এফ বাহিনী উপস্থিত হৈ অঞ্চলটোৰ পৰা লোকসকলক স্থানান্তৰ কৰি আছে।আৰক্ষীয়ে ইতিমধ্যে জনবসতিপূৰ্ণ অঞ্চলটো ছীল কৰিছে।