আজি পবিত্ৰ জন্মাষ্টমী
নিউজ ডেস্ক, ১৯ আগষ্ট : আজি পবিত্ৰ জন্মাষ্টমী। পুৱাৰ পৰাই নাম, প্ৰসংগৰে মুখৰিত হৈছে সত্ৰ, নামঘৰ সমূহ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কৃষ্ণ ভক্তিত নিমজ্জিত হৈছে ভক্তপ্ৰাণ ৰাইজ।
কৃষ্ণ জন্মাষ্টমীক সাধাৰণতে জন্মাষ্টমী বা গোকুলাষ্টমী বুলিও জনা যায়। জন্মাষ্টমী হৈছে এক বাৰ্ষিক হিন্দু উৎসৱ যিয়ে বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ জন্ম উদযাপন কৰে।
ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষত্ৰৰ অষ্টমী তিথিত হৈছিল।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত আজিৰে পৰা দুদিনীয়াকৈ জন্মাষ্টমীৰ উপলক্ষে বাৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
একেদৰেই সত্ৰ নগৰী মাজুলী, ঢেকীয়াখোৱা, আঠখেলীয়া, বৰপেটাকে ধৰি উল্লেখযোগ্য সত্ৰ, নামঘৰসমূলৈ পুৱাৰে পৰা অগণন ভক্তৰ আগমণ ঘটিছে।
কৃষ্ণ ভক্তিত নিমজ্জিত লাখ লাখ ভক্তই ধূপ, ধুনা, নৈবদ্য আগবঢ়াই কৃষ্ণ নামেৰে ভক্তিৰসত বুৰ গৈছে।
হিন্দুসকলৰ বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানুহৰ ৰূপ ধৰি জন্মগ্ৰহণ কৰিছিল।