Local, Vocal, Global

তিনি কৃষি আইন প্ৰত্যাহাৰ সন্দৰ্ভত বুধবাৰে লোৱা হ’ব সিন্ধান্ত

গুৱাহাটী ২২নৱেম্বৰঃ কৃষক সংগঠনৰ মহাপঞ্চায়ত আৰম্ভ হৈছে লক্ষ্ণৌত। বিভিন্ন স্থানৰ পৰা আহিছে হাজাৰ হাজাৰ কৃষক। কৃষকৰ বিভিন্ন সমস্যাৰ লগতে আগন্তুক প্ৰতিবাদী কাৰ্যসূচীক লৈ হব আলোচনা।

 এই মহাপঞ্চায়তত পাঞ্জাৱ, হাৰিয়ানাৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ কৃষক সংগঠনৰ প্ৰতিনিধি একলগ হব।সংসদত বিৰ্তকিত ৩কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত কৃষকসকলে অব্যাহত ৰাখিব আন্দোলন।
 ইফালে বিতর্কিত তিনি কৃষি আইন প্রত্যাহাৰৰ প্রক্রিয়া আৰম্ভ কৰাৰ বাবে আগন্তুক বুধবাৰে সন্মতি দিব পাৰে কেন্দ্রীয় মন্ত্রীসভাই । বুধবাৰে, ২৪ নৱেম্বৰত মন্ত্রীসভাৰ বৈঠকত এই বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। বুধবাৰৰ বৈঠকত কেন্দ্রীয় মন্ত্রীসভাৰ সেউজ সংকেত লাভ কৰিলে কৃষি আইনবোৰ প্রত্যাহাৰৰ বাবে সংসদৰ শীতকালীন অধিবেশনত তাক লৈ বিল প্ৰকাশ কৰিব পাৰে ।