তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

তিনিচুকীয়াৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ মৰাণ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ , স্বায়ত্ব শাসনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ , বান গৰাখহনীয়াৰ সমস্যা স্থায়ী সমাধান আদি কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । সংগঠনটোৰ শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লগানেৰে উত্তাল কৰি দাবীসমূহ অতিশীঘ্ৰে পূৰণ কৰিবলৈ তিনিচুকীয়াৰ উপায়ুক্তৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ লগতে অখিল গগৈসহ কাৰাবন্দী নেতাসকলক মুক্তিৰ দাবী জনাই সংগঠনটোৱে ৷