Local, Vocal, Global

Tiger terror in Kaliabor : কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ আতংক

নিউজ ডেস্ক,১১আগষ্ট : কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত অব্যাহত আছে ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস ।

সংবাদ মাধ্যমৰ আগত বন বিভাগে ব্যক্ত কৰা অনুসৰি,শীঘ্ৰেই ঢেকীয়াপতীয়া বাঘটোক পিঞ্জৰাবদ্ধ কৰিব । শনিবাৰে নিশা গঞাৰ জৰুৰী সভাত এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে বন বিষয়াই ।কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত বিচৰণ কৰা বনৰজাক পিঞ্জৰাৱদ্ধ কৰিবলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰে বন বিভাগে ।

ইতিমধ্যে অঞ্চলটোত বাঘে স্থানীয় লোকে পালন কৰি অহা পশুধনবোৰক চিকাৰৰ লক্ষ্য কৰি লৈছে বুলি আক্ষেপ প্ৰকাশ কৰে স্থানীয় লোকে(Tiger terror in Kaliabor) ।

দেওবাৰৰ পুৱাৰে পৰা বন বিভাগে বাঘটোক বিচাৰি অভিযান তীব্ৰতৰ কৰি তুলিছে । বাঘটোৰ গতিবিধি আৰু আচৰণ বন বিভাগে লক্ষ্য কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন বিভাগে জনায় ৷

লগতে পঢ়ক : Assam Chief Minister Meets AJSU President: ঝাৰখণ্ডৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি বাবুলাল মাৰাণ্ডিক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰীৰ