Local, Vocal, Global

কাইলৈৰ পৰা বাল্য বিবাহৰ লগত জড়িত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হ’ব-মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

বাল্যবিবাহ বিৰুদ্ধে কঠোৰ ৰাজ্য চৰকাৰ।৩ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ব অভিযান আৰু চলোৱা হ’ব গ্ৰেপ্তাৰ প্ৰক্ৰিয়া।

মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা-কাইলৈৰ পৰা বাল্য বিবাহৰ লগত জড়িত হাজাৰ হাজাৰ লোকক গ্ৰেপ্তাৰ কৰা হ’ব।পৰৱৰ্তী ছয় বা সাত দিনৰ ভিতৰত ১৮ বছৰৰ তলৰ ছোৱালীক বিয়া কৰোৱা সকলক গ্ৰেপ্তাৰ কৰা হ’ব”।লগতে কয় যে কোনো ব্যক্তিয়ে যদি ১৪ বছৰৰ তলৰ ছোৱালীৰ লগত বিবাহ পাশত আৱদ্ধ হ’য় তেন্তে POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হ’ব।

অসমৰ পৰা বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

অসমত বছৰি প্ৰায় ৫০ হাজাৰ বাল্যবিবাহ হোৱাৰ আশংকা আছে৷ নামনি অসমত বছৰি হোৱা বিয়াৰ ৪০ শতাংশ বিয়া বাল্যবিবাহ’ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ ইপিনে, আগন্তুক বাজেটত এই ক্ষেত্ৰত পুঁজিও ধাৰ্য্য কৰা হ’ব বুলি বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ৷