Local, Vocal, Global

এইবাৰ সমগ্ৰ দেশক একেলগে সহায় আগবঢ়াব ৰতন টাটাই

নিউজ ডেস্ক : ৰতন টাটা! নামেই যাৰ পৰিচয়। বিভিন্ন সময়ত আৰ্তজনক সহায় কৰি চৰ্চাত আহে টাটা চন্সৰ অধ্যক্ষ ৰতন টাটা। প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতি পুঁজিত সাহায্যৰ ট্ৰাষ্টী হিচাপে মনোনীত হৈছে ৰতন টাটা।

মঙলবাৰে প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতি পুঁজিত সাহায্য (PM-CARES)ৰ বাবে মনোনীত হৈছে তিনিজন নতুন ট্ৰাষ্টী ।

নতুনকৈ মনোনীত হোৱা তিনিজন সদস্য হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ, প্ৰাক্তন উপাধ্যক্ষ কৰিয়া মুণ্ডা আৰু ৰতন টাটা।

add3

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে তিনিজন মনোনীত সদস্যক লৈ গঠিত পিএম-কেয়াৰ্ছ ট্ৰাষ্টী পৰিষদৰ এখন বৈঠকত সভাপতিত্ব কৰে।

ট্ৰাষ্টে পিএম কেয়াৰ্ছৰ পৰামৰ্শদাতা ব’ৰ্ড গঠনৰ বাবে তিনিটা নাম মনোনীত কৰিছে।

মনোনীত তিনিজন সদস্য হৈছে ভাৰতৰ প্ৰাক্তন নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেল ৰাজীৱ মেহৰিশী, ইনফোচিছ ফাউণ্ডেচনৰ প্ৰাক্তন অধ্যক্ষ সুধা মূৰ্তি আৰু টিচ ফৰ ইণ্ডিয়াৰ সহ-প্ৰতিষ্ঠাপক আৰু ইণ্ডিকৰ্পছ আৰু পিৰামল ফাউণ্ডেচনৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আনন্দ শ্বাহ।