Local, Vocal, Global

Thief terro in Bajali : বজালীত চোৰৰ উপদ্ৰৱ;বেংক কৰ্মচাৰীৰ ঘৰত চোৰে চলালে লুটপাত

নিউজ ডেস্ক,২অক্টোবৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস । দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী,কৰোৱাত আকৌ চান্দ বিচাৰি অহা দুৰ্বৃত্তই কোনো নোহোৱাৰ সুযোগ লয় চলাই উপদ্ৰৱ ৷

বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে চুৰিৰ ঘটনা ৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম’বাইল ৷ মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে(Thief terro in Bajali)৷

এইবাৰ চোৰৰ উপদ্ৰৱত বজালীত । অতিষ্ঠ হৈ পৰিছে বজালীৰ জনসাধাৰণ। একপ্ৰকাৰে নিৰাপত্তাহীনতাত ভূগিছে বজালীবাসীয়ে।

বজালীবাসী ৰাইজক নিৰাপত্তা দিয়াত আৰক্ষী প্ৰশাসন সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱাৰো অভিযোগ উত্থাপন। কিয়নো এফালে যদি মানুহৰ ঘৰত চোৰে চাফাই অভিযান চলাইছে আনফালে আকৌ ধৰ্মীয় অনুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠানো বাদ দিয়া নাই।

এইবাৰ চোৰৰ লক্ষ্য পাঠশালাৰ ৰূপ নগৰৰ চিন্ময় শৰ্মা নামৰ এগৰাকী বেংক কৰ্মচাৰীৰ বাসগৃহ।বেংক কৰ্মচাৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে লুটপাত। জানিব পৰা মতে চোৰে তেওঁৰ বাসগৃহৰ পৰা নগত ৫০ হাজাৰ টকাৰ লগতে সোণ,ৰূপৰ অলংকাৰ লৈ উধাও হৈছে।

ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীৰ এটা দল আহি ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে আৰক্ষীৰ দলটোৱে চোৰক ধৰিব পাৰেনে নাই সেয়াহে প্ৰশ্নৰ বিষয়।

লগতে পঢ়ক :12 Bangladeshi Nationals Detained in Hatsingimari : হাটশিঙিমাৰীত আটক ১২ জন বাংলাদেশী নাগৰিকক