Local, Vocal, Global

প্ৰবল বৰষুণৰ সম্ভাৱনা ৰাজ্যত সেমেকিব নেকি চেনেহৰ ৰঙালী বিহুটি

নিউজ ডেস্ক ১১ এপ্ৰিল: ৰাজ্যত অহা ৪ দিনত প্ৰবল বৰষুণৰ সম্ভাৱনা তাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্যবাসী। বিগত দুটা বছৰত কৰোণাৰ বাবে সেমেকা হৈ থকা বহাগৰ বিহু এইবেলিও ম্লান পৰাৰ সম্ভাৱনা জাৰি কৰিছে বতৰ বিজ্ঞান
কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ,অহা ৪ দিনত ৰাজ্যত নেৰানেপেৰা বৰুষুণ হোৱাৰ সম্ভাৱনা কথা সদৰি কৰিছে কেন্দ্ৰই ।

অসমকে ধৰে উত্তৰ পূৱৰ ৰাজ্য কেইখনত অহা ৪ টা দিনত প্ৰবল বৰষুণৰ আশংকাৰ কথা সদৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। বংগোপ সাগৰৰ ফালৰ পৰা আহিব লগা বতাহৰ ফলতে এই বৰষপুণৰ প্ৰভাৱ বৃদ্ধি পাব পাৰে বুলি জনায় ।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আজি ১১ এপ্ৰিলৰ পৰা ১৪-১৫ এপ্ৰিললৈ প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা জাৰি কৰে অসমকে ধৰি মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড আৰু ত্ৰিপুৰাত।

বিশেষকৈ ১২ এপ্ৰিলৰ পৰা বৰষুণৰ মাত্ৰা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰে । হিমালয়ৰ পাদদেশত এই বতৰৰ সম্ভাৱনা বুলি সদৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

আনহাতে, বৰষুণৰ বাবে কোনো কোনো ঠাইত ২ৰ পৰা ৩ ডিগ্ৰী ছেলছিয়াছলৈ তাপমাত্ৰা হ্ৰাস পোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

সেয়েহে , অসমবাসীৰ চেনেহৰ ৰঙালী বিহু এইবাৰ সেমেকা হোৱাৰ সম্ভাৱাই দেখা দিছে।