Local, Vocal, Global

কুম্ভ নিদ্ৰাত ৰাজ্যৰ আবকাৰী বিভাগ ! আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ অবৈধ সুৰা…

ডিজিটেল ডেস্ক:- কুম্ভ নিদ্ৰাৰ ৰাজ্যৰ আবকাৰী বিভাগ।মংগলবাৰে নিশা মৰিয়নিত জব্দ বৃহৎ পৰিমানৰ অবৈধ সুৰা।আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ অবৈধ বিলাতী সুৰা।মৰিয়নি আৰক্ষীৰ বৃহৎ সফলতা।AS 03 AG 5682 নম্বৰৰ EECO বাহনত মৰিয়নিৰ পৰা নাগালেণ্ডলৈ সৰবৰাহ সময়তে আৰক্ষীয়ে জব্দ কৰে সুৰাখিনি।
জানিব পৰা মতে, এখন ইক’ ভেনৰ পৰা জব্দ কৰা সুৰাখিনিৰ মূল্য আনুমানিক ২ লক্ষাধিক টকা।আৰক্ষীয়ে সুৰা সৰবৰাহ লগত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে,সুৰা সৰবৰাহ লগত জড়িত সুমন চোতিয়া আৰু উপেন কৈৰী নামৰ দুজন লোকক আটক কৰে।
জনৈক ভৰত মিলি আৰু জনৈক লাতু নামৰ দুই অৰুণাচলী সুৰা মাফিয়াই মৰিয়নিৰ পি ডি ৱাইন নামৰ এখন সুৰাৰ বিপনীৰপৰা সংগ্ৰহ কৰিছিল অবৈধ সুৰাখিনি।

তথ্য অনুসৰি , ভৰত মিলি নামৰ লোকজনৰ নেতৃত্ব আন্ধাৰৰ সুযোগ লৈ আটকাধীন দুই সৰবৰাকাৰীয়ে বিভিন্ন সুৰা বিপনীৰ লগত মেনেজ কৰি সুৰা সৰবৰাহ কৰি আছে।
মঙলবাৰে নিশা গোপন সূত্ৰৰ পম খেদি মৰিয়নি আৰক্ষীৰ এটা দলে অসম নাগালেণ্ড সীমান্তৱৰ্তী নিজৰাপাৰা নামৰ ঠাইত এখন গাড়ীসহ লক্ষাধিক টকাৰ সুৰাৰ লগতে সুৰা সৰবৰাহকাৰীক আটক কৰে।অৱশ্যে আন্ধাৰৰ সুযোগ লৈ আন দুজন সৰবৰাহকাৰী পলায় যায়।

জব্দকৃত অবৈধ বিলাতী সুৰাখিনি নাগালেণ্ডলৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে মৰিয়নি আৰক্ষীয়ে বাহনখন জব্দ কৰে । জানিব পৰা মতে জব্দ কৰা গাড়ীখন মৰিয়নি আৰক্ষী থানাত ৰখা হৈছে।অবৈধ সুৰ সৰবৰাহকাৰী বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰিব বুলি জানিব দিয়ে।একাংশ সুৰাসৰবৰাহ কাৰীয়ে আবকাৰী বিভাগক মেনেছ কৰি বিভিন্ন প্ৰান্তত সুৰা ৰমৰমীয়া ব্যৱসায় চলাই আছে।