Local, Vocal, Global

ছাত্র-ছাত্রীৰ মূৰত ভাঙি পৰিল বিদ্যালয়ৰ গৃহ , আহত কেইবা গৰাকীও ছাত্ৰ-ছাত্ৰী…

ডিজিটেল ডেস্ক:- ধুবুৰীৰ তামাৰহাটত ভয়ংকৰ ঘটনা ।ধুবুৰী জিলাৰ আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত তামাৰহাটৰ বৰজান এম ই স্কুলত ভয়ানক ঘটনা সংঘটিত হয়।স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মূৰত ভাঙি পৰে বিদ্যালয়ৰ গৃহ।জানিব পৰা মতে,বৃহস্পতিবাৰে পুৱা ৯ বজালৈকে বিদ্যালয়খনত কোনো উপস্থিত হোৱা নাছিল।বিদ্যালয়ত খনত শিক্ষক-চকীদাৰ উপস্থিত নোহোৱাত ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনৰ পুৰণি গৃহটোৰ তলতে আশ্ৰয় লৈ আছিলে।সেই সময়তে হঠাতে ছাত্ৰ-ছাত্ৰী সকলৰ মূৰত ভাঙি পৰে বিদ্যালয়ৰ গৃহটো। তাৰ পিছতে হুৱাদুৱা লাগে।বিদ্যালয়খনৰ গাতে লাগি থকা বজাৰৰখনৰ পৰা দৌৰা দৌৰিকৈ মানুহ আহি উদ্ধাৰ কৰে কণ কণ ছাত্ৰ-ছাত্ৰী সকলক।ঘটনাটোৰ ফলত কেইবা গৰাকীও ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ লগতে এজন ছাত্ৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

খৰখৰী বজাৰত থকা ফাৰ্মাচীত আহত কণ কণ ছাত্র-ছাত্ৰীসকলক লৈ যায় যদিও পিছত তামাৰহাট প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে। গুৰুতৰভাৱে আহত ছাত্ৰজন তৃতীয় শ্ৰেণীৰ শ্বাহানুৰ শ্বেখ। শ্বাহানুৰ শ্বেখৰ মূৰত কেইবাটাও চিলাই কৰিব লগা হয়। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিদ্যালয়খনত প্ৰধান শিক্ষক নিয়োগ নকৰি আগমনি শিক্ষা খণ্ড বিষয়াই নিজ দায়িত্বত ৰাখিছিল প্ৰধান শিক্ষকৰ দায়িত্ব।