Local, Vocal, Global

কিড্নী ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰক গ্রেপ্তাৰ

কিড্নী ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড প্লাৱন বৰঠাকুৰ অৱশেষত জালত পৰিল৷ মৰিগাঁও আৰক্ষীয়ে তামিলনাডুত অভিযান চলাই কিড্নী ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বৰঠাকুৰক গ্রেপ্তাৰ কৰে ৷ মৰিগাঁও থানাৰ উপ–পৰিদর্শক সমীৰ কৰৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে তামিলনাডু আৰক্ষীৰ সহযোগত বৰঠাকুৰক গ্রেপ্তাৰ কৰে ৷ কিড্নী ছিণ্ডিকেটৰ মাষ্টাৰমাইণ্ড বৰঠাকুৰক লৈ আৰক্ষীৰ দলটো আজি মৰিগাঁৱত উপস্থিত হয় ৷ কিড্নী ছিণ্ডিকেট সন্দর্ভত ইতিমধ্যে কেইবাজনকো আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৷