জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে ২১ টাকৈ চোৰাং গৰুসহ এখন বাহন…

ডিজিটেল ডেস্ক:- ৰাজ্য চৰকাৰে গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ।গৰুৰ সৰবৰাহ ৰোধ কৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী।ৰাজ্য়ৰ বিভিন্ন স্থানত আৰক্ষীয়ে চলাই আছে অভিযান।তাৰ পাছতো ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে চোৰাং ভাবে সৰবৰাহ কৰা এখন বাহনসহ ২১ টাকৈ গৰু। আটক কৰা লোককেইজন হৈছে গাড়ীখনৰ চালক,হেণ্ডিমেনসহ দুজন লোকক। উল্লেখ্য যে এই চোৰাং গৰুসমুহ গোলাঘাটৰ পৰা নগাঁৱলৈ অনা হৈছে।গৰুভৰ্তি গাড়ীখনৰ নম্বৰ MN 07 G 0109। আটক কৰা লোকদুজন ক্ৰমে চামগুৰিৰ জিয়াবুৰ ৰহমান আৰু মুখতাৰ হুছেইন । আৰক্ষীয়ে দুয়োকে আটক কৰি তদন্ত অব্যাহত ৰাখিছে।