ফাকুৱাৰ আনন্দ উলাহৰ মাজতে কোকৰাঝাৰত ঘটিল অঘটন…

ডিজিটেল ডেস্ক:-ফাকুৱাৰ আনন্দ উলাহৰ মাজতে কোকৰাঝাৰত ঘটিল অঘটন। মঙলবাৰে নিশা সংঘটিত হয় পথ দুৰ্ঘটনা। চি আই টিৰ সমীপৰ পৰা দিন হাজিৰা কৰি ঘৰলৈ সোমোৱাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয় ।দুৰ্ঘটনাত এগৰাকী যুৱক নিহত হয়।নিহত যুৱক জনৰ নাম অশ্বিনী ৰায়(৩৫) বুলি চিনাক্ত কৰা হৈছে ।জানিব পৰা মতে যুৱকজনৰ ঘৰ বালাজান তিনিআলিত।
খবৰ অনুসৰি অশ্বিনী ৰায়ক তীব্ৰবেগী এ এচ ১৯ কিউ ৫২৮৬ মটৰচাইকেলখনে ঠিক ঘৰৰ সন্মুখৰ জে ডি পথত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় আৰু অশ্বিনী ৰায় গুৰুতৰভাৱে আহত হয় ।
মঙলবাৰে নিশা দুৰ্ঘটনাৰ পিছতে অশ্বিনী ৰায়ক কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । আজি মৰণোত্তোৰ পৰীক্ষাৰ পিছত অশ্বিনী ৰায়ৰ মৃতদেহ ঘৰলৈ অনাৰ হয়।ঘৰলৈ অনাৰ পিছত অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ।পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যাক্তি অশ্বিনী ৰায়ৰ মৃত্যুত পৰিয়ালটোলৈ ঘোৰ অন্ধকাৰ নামি আহিছে । মৃত্যুৰ পূৰ্বে অশ্বিনী ৰায়ে বেমাৰী মাতৃ ,পত্নী আৰু কণমানি সন্তান ইহসংসাৰত এৰি থৈ যায় ।
আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে মটৰচাইকেলখন । উল্লেখ্য যে উক্ত ঠাইডোখৰত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে আৰু সেয়েহে স্থানীয় ৰাইজে উক্ত ঠাইডোখৰত গতিৰোধক নিৰ্মাণ কৰিবলৈ আৰু সজাগতামূলক ফলক লগাবলৈ দাবী উত্থাপন কৰিছে ।