Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কেনেকুৱা যাব….

মেষ -আজিৰ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী।পৰিয়ালৰ শুভ অনুষ্ঠান হ’ব পাৰে. ব্যৱসায় হওক বা আনন্দৰ কাৰণে হওক,নতুন কাম আৰম্ভ কৰাৰ বাবে বহুত ভাল।

বৃষ – কিবা এটা কথা আপোনাক এতিয়াও আমনি দি আছে,আপুনি হয়তো কোনো গুৰুত্বপূৰ্ণ বিষয়ত এতিয়াও কোনো সিদ্ধান্ত ল’ব পৰা নাই।

মিথুন -ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে আজিৰ দিনটো বৰ ভাল।আজি আপুনি যতেই হাত দিব ,তাতেই সোণ ফালিব।ইয়াৰ সুফল ভোগ কৰিব।

কৰ্কট – আপোনাৰ গ্ৰহ আজি অনুকূল আৱস্থানত বিৰাজ কৰি আছে।গতিকে আপোনাৰ সময়টো ভাল।কালিৰ পৰা আপোনালোকে যি সৌভাগ্য উপভোগ কৰি আছে সেয়া আজিও আব্যাহত থাকিব।

সিংহ -আজিৰ দিনটো আপোনাৰ বাবে মধ্য়মীয়া । ধৈৰ্য ধৰি থাকক।আপোনাৰ লগত যি হয় আছে এইবোৰ গ্ৰহৰ বাবে হৈ আছে।আপুনি অত্যধিক চিন্তাত পৰি থাকিব,শৰীৰ ভালে নাযাব বা ভাগৰুৱা লাগি থাকিব আপোনাৰ।

কন্যা-কোনো কথাত আপুনি চিন্তিত হৈ থাকিব পাৰে।গতিকে যিয়ে কৰিব ভাবি চিন্তি কৰিব।বৰ বেছি উত্তেজিত হৈ নুঠিব,নিজৰ স্বাস্থ্য়ৰ প্ৰতি লক্ষ্য ৰাখক।

তুলা -বিবাহিতসকলে নিজৰ জীৱনসংগীৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ আকৌ নতুন আৰম্ভনি কৰিব পাৰে।অবিবাহিতসকলৰ বাবেও গ্হ উজ্জ্বল হৈ আছে।প্ৰিয়জনৰ সৈতে ভ্ৰমণো বৰ আনন্দদায়ক হ’ব।আপোনাৰ সামজিক মান বৃদ্ধি পাব পাৰে।

বৃশ্চিক – পুৱাৰে পৰা আপুনি হঠাত নিজক তজবজীয়া অনুভৱ কৰিব,চাৰিওফালে এক ইতিবাচক পৰিৱেশ অনুভৱ কৰিব।আপুনি প্ৰেম জগতত ডুবি থাকিব।

ধনু -আপোনাৰ গ্ৰহৰ জটিল অৱস্থান এতিয়াও ঠিক হোৱা নাই ।সেইবাবে আপুনি অসুস্থ আৰু মানসিক অস্থিৰ হৈ থাকিব পাৰে।

মকৰ – আজিৰ দিনটো টোপনি টোপনি লাগি থাকিব ,এলেহুৱা লাগি থাকিব।আপুনি কোনো কামত ভালকৈ আগবাঢ়ি যাব নোৱাৰিব বা কোনো কামত মনোযোগ দিব নোৱাৰিব।

কুম্ভ -আজিৰ দিনটো বিগত এপষেকৰ আটাইতকৈ আপোনাৰ আনন্দদায়ক দিন হৈ উঠিব।

মীন – আজিৰ দিনটো মধ্যমীয়া। কিন্তু ইয়াৰ অজুহাতত আপুনি সেই দৈনন্দিন অভ্যাসবোৰক আওকাণ নকৰিব,যিবোৰ আপুনি অলপতে গঢ়ি তুলিছে।