Local, Vocal, Global

আজিৰ দিনটোৰ ৰাশিফল,চাওক আজিৰ দিনটো আপোনাৰ কোনেকুৱা যাব…

মেষ ৰাশি:কৰ্মক্ষেত্ৰত শুভ।ইমান দিনে আপুনি চিন্তিত আছিল আজি সেইটো পোৱাৰ আশংকা আছে।

বৃষ ৰাশি: আপোনাৰ আৰ্থিক অৱস্থা পূৰ্বতকৈ ভাল হ’ব। কৰ্মসংস্থাপন বিচৰা লোকসকলেও আৰু কিছু সময়ৰ বাবে চিন্তা কৰিব লাগিব। পাৰিবাৰিক দিশত কিছু চিন্তিত হোৱাৰ সম্ভাৱনা ।

মিথুন ৰাশি: আজি আপোনাৰ কাৰণে এটা মিশ্ৰিত দিন হ’বলৈ গৈ আছে। আপোনাৰ বুজাবুজিৰে যিকোনো ডাঙৰ অসুবিধাৰ পৰা সহজেই ওলাই আহিব পাৰি। ব্যৱসায় দিশত শুভ।

কৰ্কট ৰাশি: আজি দিনটো আপোনাৰ অসুবিধাৰ মাজেৰে পাৰ হ’ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

সিংহ ৰাশিৰ: আজি আপোনাৰ প্ৰতিপত্তি বৃদ্ধিৰ দিন হ’ব। কাৰোবাক টকা ধাৰলৈ দিলে আপোনাৰ টকা আবদ্ধ হৈ পৰিব পাৰে।

কন্যা ৰাশি: আজি আপোনালোকৰ বাবে এটা ভাল দিন হ’বলৈ গৈ আছে। আপোনাৰ লক্ষ্য সফল হোৱাৰ পথত। শিক্ষাৰ্থী সকলৰ বাবে শুভ।

তুলা ৰাশি: কৰ্মক্ষেত্ৰত বেছি খৰখেদা নকৰিব, এনে কৰিলে ডাঙৰ ভুলৰ হ’ব পাৰে। ব্যৱসায়ত স্বাভাৱিক লাভ। পাৰিবাৰিক দিশত শুভ।

বৃশ্চিক ৰাশি: আজি দিনটোত আপোনৰ কথা-বতৰাত কিছু সাৱধানতা অৱলম্বন কৰক। মনৰ যিকোনো ইচ্ছা পূৰণৰ বাবেই আপুনি ধৰ্মীয় যাত্ৰা কৰিব পাৰে। বিদ্যাত শুভ।

ধনু ৰাশি – ধৈৰ্য্য ধৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত লাভৰ সুযোগ থাকিব। অত্যধিক খং পৰিহাৰ কৰক। বৈবাহিক সুখ বাঢ়িব পাৰে।

মকৰ ৰাশি – যিকোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বাবে বিবাদৰ পৰিস্থিতি হব পাৰে। পাৰিবাৰিক অশান্তিৰ মাজতে দিনটো পাৰ হোৱাৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি – সচেতন হওক আৰু অত্যধিক খং পৰিহাৰ কৰক। শিশুৰ পৰা ভাল খবৰ পাব পাৰে। পাৰিবাৰিক দায়িত্ব বাঢ়িব পাৰে। বিদ্যাত শুভ।

মীন ৰাশি – আত্মবিশ্বাস বাঢ়িব। কামৰ ক্ষেত্ৰখনৰ পৰিৱৰ্তন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে। কথা-বতৰাত ভাৰসাম্য ৰক্ষা কৰক।