Local, Vocal, Global

গুৱাহাটীৰ পৰা স্থানান্তৰিত হ’ব ৰাজধানী ! ৰাজধানী স্থানান্তৰণৰ সিদ্ধান্ত কিয়?

ডিজিটেল ডেস্কঃ- আপুনি ঠিকেই শুনিছে। গুৱাহাটীৰ পৰা স্থানান্তৰিত হব ৰাজধানী। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ঐতিহাসিক আৰু একমাত্ৰ বৃহৎ মহানগৰ গুৱাহাটীক এক সুকীয়া পৰিচয় দিয়াৰ পৰিকল্পনা চূড়ান্ত কৰিছে ৰাজ্য চৰকাৰে।

অসম ৰাজ্যিক সচিবালয়ৰ এক শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি ২০২৬ চনৰ পূৰ্বে গুৱাহাটীৰ পৰা ৰাজধানী স্থানান্তৰণৰ পৰিকল্পনা চূড়ান্ত কৰা হৈছে। অৱশ্যে ৰাজ্য চৰকাৰে অদ্যপি এই কথা ৰাজহুৱা কৰা নাই। কিন্তু তাৰ বিপৰীতে বৃহৎ নিৰ্মাণকাৰী সংস্থা চিমপ্লেক্সক নতুন ৰাজধানী স্থাপন হবলৈ দিয়া ঠাইৰ জৰীপৰ দায়িত্ব দিয়া হৈছে বুলিও সূত্ৰটোৱে দাবী কৰে।

উল্লেখ্য যে ১৯৭২ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত শৰত চন্দ্ৰ সিংহই ততাতৈয়াকৈ আৰু প্ৰায় একপক্ষীয়ভাৱে সিদ্ধান্ত লৈ শ্বিলঙৰ পৰা গুৱাহাটীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। আৰু ৰাজধানীকেন্দ্ৰিক বিবাদৰ পৰিণতিতে মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ সুকীয়া ৰাজ্য হিচাপে পৰিচিত হৈ উঠে।

কিন্তু গুৱাহাটীৰ পৰা ৰাজধানী স্থানান্তৰণৰ বিষয়টো অসমৰ ৰাজনীতিত অন্য এক ইছ্যু হৈ থাকিল। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী শৰত চন্দ্ৰ সিংহই অস্থায়ী ৰাজধানী হিচাপেহে দিছপুৰত প্ৰশাসনীয় কাম-কাজ আৰম্ভ কৰিছিল। তাৰ পিছত সুদীৰ্ঘ সময় স্থায়ী ৰাজধানীৰ বিষয়টো তল পৰি থাকিল। কিন্তু ১৯৮৩ চনত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই দিছপুৰৰ পৰা চন্দ্ৰপুৰলৈ ৰাজধানী স্থানান্তৰণৰ সিদ্ধান্ত লয়। আৰু সেইমৰ্মে পৰৱৰ্তী পৰ্যায়ত প্ৰাগজ্যোতিষপুৰ মহকুমা ঘোষণা কৰি স্থায়ী ৰাজধানী নিৰ্মাণৰ প্ৰাৰম্ভিক কামো আৰম্ভ কৰিছিল।

১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই পদত্যাগ কৰে। তাৰ লগে লগে স্থবিৰ হৈ পৰে স্থায়ী ৰাজধানী নিৰ্মাণৰ কাম। ১৯৮৭ চনত অগপ চৰকাৰৰ আমোলত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অসমৰ স্থায়ী ৰাজধানীৰ বাবে নগাঁৱৰ শিলঘাটক বাচনি কৰে। আৰু সেইমৰ্মে শিলঘাটলৈ ৰাজধানী স্থানান্তৰণৰ বাবে আৰম্ভ হৈছিল চৰকাৰী প্ৰক্ৰিয়া। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি খোদ অগপ চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে মুকলিকৈ প্ৰতিবাদ কৰিছিল।

সম্প্ৰতি বিজেপি চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও শিলঘাটলৈ ৰাজধানী স্থানান্তৰণৰ প্ৰতিবাদ কৰিছিল। কেৱল সেই কাৰণতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰে সংঘাতৰ পৰিণতিত অসম গণ পৰিষদ দল ত্যাগ কৰিবলৈও বাধ্য হৈছিল চন্দ্ৰমোহন পাটোৱাৰী। ৰাজধানী কেন্দ্ৰিক বিবাদৰ পৰিণতিত চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম স্বতন্ত্ৰ মঞ্চ নামৰ এক ৰাজনৈতিক দলৰো জন্ম দিছিল। তেনে পৰিস্থিতিতে ৰাজধানী স্থানান্তৰণৰ কাম পুনৰ স্থগিত হয়। কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে গুৱাহাটীৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ পাৰত নতুন ৰাজধানী স্থাপনৰ পৰিকল্পনা লৈছে। কিন্তু কিয়?
উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ তথা একমাত্ৰ মহানগৰ গুৱাহাটীৰ জলবায়ু আৰু প্ৰদূষণক লৈ খোদ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে উদ্বিগ্নতা প্ৰকাশ কৰা বুলিও ৰাজ্য চৰকাৰৰ এক সূত্ৰই দাবী কৰিছে।
উল্লেখ্য যে অত্যধিক ঘন জনবসতি আৰু অতিমাত্ৰা বায়ু প্ৰদূষণৰ ফলত গুৱাহাটীৰ জলবায়ু স্বাস্থ্যৰ অনুকূল নহয় বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছতে গুৱাহাটী মহানগৰৰ জৈৱ বৈচিত্ৰ্যৰ অস্তিত্বক লৈ শংকা প্ৰকাশ কৰিছে জলবায়ু আৰু বতৰ বিজ্ঞানীসকলে। ঠিক সেই সময়তে ৰাজধানী স্থানান্তৰণৰ বিষয়টো অধিক চৰ্চালৈ আহিছে।
ৰাজ্য চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ পৰা সম্ভেদ পোৱা অনুসৰি ৰাজধানী স্থানান্তৰণৰ অংশ হিচাপে জনতা ভৱন অৰ্থাত অসম ৰাজ্যিক সচিবালয় আৰু অসম বিধানসভা সচিবালয়ক স্থানান্তৰিত কৰা হব। অন্য বিভাগীয় মুখ্য কাৰ্যালয়সমূহ বৰ্তমান গুৱাহাটীতে থাকিব বুলিও সূত্ৰটোৱে লগতে দাবী কৰে।
অৱশ্যে এইক্ষেত্ৰত হয়তো পৰৱৰ্তী পৰ্যায়ত বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰা হব পাৰে। সূত্ৰটোৱে লগতে ইয়াকো দাবী কৰিছে যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো গুৱাহাটীৰ পৰা ৰাজধানী স্থানান্তৰিত হোৱাটো বিচাৰে। গুৱাহাটীৰ এগৰাকী স্থায়ী নাগৰিক হোৱাৰ লগতে দীৰ্ঘদিন ধৰি বিধায়ক আৰু মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজনীতিকগৰাকীয়ে গুৱাহাটীৰ পাৰিপাৰ্শ্বিক অৱস্থা আৰু আন্তঃগাঁথনিৰ জটিলতা বাৰুকৈয়ে উপলব্ধি কৰিছে।

ইয়াৰ পূৰ্বেও ৰাজধানী স্থানান্তৰণৰ বাবে পৰিকল্পনা লোৱা হৈছিল যদিও প্ৰশাসনীয় জটিলতা আৰু ৰাজনৈতিক পট পৰিৱৰ্তনৰ বাবে ৰাজধানী স্থানান্তৰণ সম্ভৱ হোৱা নাছিল। কিন্তু এইবাৰ গুৱাহাটীৰ পৰা ৰাজধানী স্থানান্তৰিত হোৱাটো প্ৰায় নিশ্চিত হৈছে। কিয়নো খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগ্ৰহ প্ৰকাশ কৰিছে ৰাজধানী স্থানান্তৰণৰ বিষয়টোত। কিন্তু কলৈ স্থানান্তৰিত হব অসমৰ ৰাজধানী।
গুৱাহাটীৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ পাৰত নতুন ৰাজধানী নিৰ্মাণৰ বাবে আৰম্ভ হৈছে ভূমি জৰীপ। প্ৰাৰম্ভিক পৰ্যায়ত ২০০০ বিঘা ভূমিৰ ওপৰত সম্পূৰ্ণ জৰীপ চলাবলৈ এটা ব্যৱসায়িক প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে বুলিও জানিব পৰা গৈছে।

অৱশ্যে ভূমি জৰীপৰ ব্যৱস্থাটো অত্যন্ত প্ৰাৰম্ভিক অৱস্থাত আছে। সেইবাবে এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনজিঅৰ সহযোগত ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে জৰীপৰ কাম আৰম্ভ কৰিছে। কিন্তু তাৰ বিপৰীতে ৰাজ্য চৰকাৰে এই বিষয়টোক লৈ কোনো মতামত অথবা তথ্য ৰাজহুৱা কৰা নাই। কিন্তু বিজেপি আৰু আৰএছএছৰ বহুকেইগৰাকী শীৰ্ষ নেতাৰ পৰামৰ্শ অনুসৰি ৰাজধানী স্থানান্তৰণৰ বাবে প্ৰাৰম্ভিক জৰীপ আৰম্ভ হোৱা বুলিও ৰাজ্য়িক বিজেপিৰ এক সূত্ৰই দাবী কৰে।

এই তথ্য যদি সত্য হয়, তেন্তে জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাত গুৱাহাটীৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ পাৰত অসমৰ বিকল্প তথা নতুন ৰাজধানী গঢ়ি উঠাটো প্ৰায় নিশ্চিত। এইক্ষেত্ৰত ৰাজ্য চৰকাৰ অথবা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী স্থানান্তৰণ সম্পৰ্কীয় তথ্য ৰাজহুৱা কৰাৰ পিছতহে এই বিষয়টোৱে আনুষ্ঠানিকতা পাব বুলিও খোদ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ এক সূত্ৰই জানিবলৈ দিছে।