পিংক টয়লেটত প্ৰেমালাপাত ব্যস্ত আছিল প্ৰেমিক-প্ৰেমিকা, আহি পালে মহিলা আৰক্ষী -তাৰ পিছত কি হ’ল চাওক…..

নিউজ ডেস্ক, ২৬ ফ্ৰেব্ৰুৱাৰীঃ প্ৰেম এক অনন্য অনুভূতি। প্ৰেমৰ মাদকতাই মানুহৰ জীৱনত বিশেষ প্ৰতিক্ৰিয়া তোলে। প্ৰেমে নামানে বয়স,বাধা আৰু স্থানৰ বাধ্যবাধকতা। দেখিবলৈ পোৱা যায় ভিন্ন পাৰ্ক,নৈৰ পাৰত প্ৰমিকযুগলৰ প্ৰেমৰ আদান প্ৰদান। কিন্তু আপুনি আচৰিত হ’ব আমি আৰম্ভ কৰিব লোৱা এটা ঘটনাৰ বিষয়ে গম পোৱাৰ পিছত। ঘটনাটো নয়ডাৰ। নয়ডাত শ শ গুলপীয়া শৌচালয় নিৰ্মাণ কৰা হৈছে। কেৱল মহিলা আৰু ছোৱালীক এই শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰে। পুৰুষসকল গোলপীয়া শৌচাগাৰৰ ভিতৰলৈ যোৱাটো কঠোৰভাৱে নিষিদ্ধ।নয়ডাৰে এখন ঠাইত অদ্ভুত ঘটনা সংঘটিত হৈছে।এটা গুলপীয়া শৌচালয়ৰ ভিতৰত প্ৰেমত লিপ্ত হৈছিল এহাল প্ৰেমিকযুগল। কিন্তু তেনে সময়তে এগৰাকী মহিলা আৰক্ষীয়ে শৌচালয়ৰ ভিতৰত প্ৰবেশ কৰিছিল।
মহিলা আৰক্ষী গৰাকীয়ে যুৱকজন আৰু যুৱতী গৰাকীক আপত্তিজনক স্থিতিত প্ৰত্যক্ষ কৰিছিল। মহিলা আৰক্ষী গৰাকীৰ ধমকিত যুৱকজন আৰু যুৱতী গৰাকীয়ে তেওঁৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। যুৱক আৰু যুৱতীয়ে মহিলা আৰক্ষীগৰাকীক আইনৰ পাঠ শিকাবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত, মহিলা আৰক্ষী গৰাকীয়ে লগে লগে আৰক্ষী থানালৈ ফোন কৰে। আৰক্ষীয়ে প্ৰমিকযুগলক আৰক্ষী চকীলৈ লৈ গৈছিল য’ত শান্তি ভংগৰ ধাৰাৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল।