Local, Vocal, Global

১৯৯৬ চনৰ গোচৰত দুবছৰৰ কাৰাদণ্ড Raj Babbarক

নিউজ ডেস্ক, ৮ জুন : অভিনেতাৰ পৰা ৰাজনীতিবিদ হোৱা Raj Babbarক এজন ভোটগ্ৰহণ বিষয়াৰ আক্ৰমণৰ সৈতে জড়িত এটা গোচৰত দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, ১৯৯৬ চনৰ ২ মে’ত ভোটগ্ৰহণ বিষয়াজনে ৱাজিৰগঞ্জ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।

সম্প্ৰতি, আদালতে কংগ্ৰেছ নেতাজনৰ ওপৰত ৮,৫০০ টকাৰ জৰিমনা আৰোপ কৰাৰ লগতে বব্বৰক চৰকাৰী কামত বাধা আৰু আক্ৰমণৰ বাবে দোষী সাব্যস্ত কৰিছে।

উল্লেখ কৰিব পাৰি যে ৰাজ বব্বৰ সেই সময়ত সমাজবাদী পাৰ্টিত আছিল আৰু লক্ষ্ণৌৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।

নিৰ্বাচনৰ সময়ত, দুয়োজনৰ মাজত মৌখিক বিবাদ আৰম্ভ হৈছিল যাৰ ফলত আক্ৰমণ হৈছিল। তেওঁ ১৯৯৬ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এজন চৰকাৰী বিষয়াক ৰুক্ষ কৰাৰ বাবে দোষী সাব্যস্ত হৈছিল কিন্তু সেইসময়ত জামিন পাইছিল।