Local, Vocal, Global

তেজপুৰৰ ঘটনাক কেন্দ্ৰ কৰি অব্যাহত চেপা উত্তেজনা, ২জনক আটক আৰক্ষীৰ

ৰাম মন্দিৰৰ ভুমি পূজনৰ পিছতে তেজপুৰত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ পিছতে ৰাজ্যজুৰি অব্যাহত চাঞ্চল্য।  বুধবাৰে আবেলি শোণিতপুৰ জিলাৰ ঠেলামৰা থানাৰ অন্তৰ্গত ভৰাশিমলু আৰু গৰুডুবা অঞ্চলত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷ ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ লগত সংগতি ৰাখি বজৰং দলে বাইক লৈ উলিওৱা শোভাযাত্ৰাৰ সময়তে বজৰং দলে এক শোভাযাত্ৰা উলিওৱাৰ লগতে উচ্চস্বৰত বজাইছিল ডি.জে। উচ্চস্বৰত ডি.জে বজোৱাক কেন্দ্ৰ কৰি সংঘৰ্ষৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত পৰিস্থিতি বেয়ালৈ গতি কৰে। ঘটনাস্থলীত কেইবাখনো বাহন জ্বলাই দিয়াৰ লগতে হাতে-হাতে লাঠী, চোকা অস্ত্ৰ লৈ যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে উত্তপ্ত লোকে ৷ ঘটনাত ক্ষতিগ্ৰস্ত হয় উপায়ুক্তৰ বাহনৰ লগতে নিৰাপত্তাৰক্ষীৰ বাহনো। পৰিস্থিতি অধিক ভয়ংকৰ হোৱাৰ আশংকাত শোণিতপুৰ জিলা প্ৰশাসনে তৎকালে সমগ্ৰ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰে ৷

শোণিতপুৰৰ সংঘৰ্ষস্থলীত বৰ্তমানেও অব্যাহত আছে সান্ধ্য আইন। ইয়াৰোপৰি উত্তেজনাপূৰ্ণ অঞ্চলটোত সেনাই ফ্লেগ মাৰ্চ কৰিছিল। ফ্লেগ মাৰ্চৰ অন্তত শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই সংবাদ মাধ্যমযোগে জানিবলৈ দিয়া অনুসৰি,বুধবাৰে সংঘটিত হিংসাত্মক ঘটনাত আহত হৈছে প্ৰায় ১২গৰাকী লোক ৷ আনহাতে দুগৰাকী লোকক সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰা বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক  মুগ্ধজ্যোতি মহন্তই।