Local, Vocal, Global

লামডিঙত পুনৰ চোৰৰ সন্ত্ৰাস

নিউজ ডেস্ক, ৯ জুন : সম্প্ৰতি লামডিঙত (Lumding) দিনক দিনে বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস।

বুধবাৰে নিশাৰ ভাগত দক্ষিণ লামডিং বিদ্যালয়ৰ সম্মুখত থকা মায়া মালাকাৰৰ নামৰ এঘৰত ঘৰত চোৰে‌ চলালে চাফাই অভিযান ।

মায়া মালাকাৰৰ ঘৰৰ পৰা বেঙ্কৰ বহি পৰা আৰম্ভ কৰি বিভিন্ন নথি-পত্ৰৰ লগতে ৪০ হাজাৰ টকা লৈ যোৱাৰ সময়তে ৰাইজে আটক কৰিলে চোৰটোক।

চাফাই অভিযান চলোৱা চোৰক ৰাইজে আটক কৰি চোৰক চুলি কাটি লামডিং আৰক্ষীক গটাই দিয়ে ।

স্থানীয় লোকৰ ভাষ্য অনুসৰি গভাইত চোৰটোৰ নাম ৰানা ভক্ত। আৰৰ তেওঁ আগতো কেইবাবাৰো ৰঙা ঘৰৰ আলহী হৈছিল।