ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা !নিয়ন্ত্ৰন হেৰুৱাই পথৰ পৰা উফৰি চাহ বাগানত পৰে বাহন…

ডিজিটেল ডেস্ক:- ডিগবৈত ভয়ংকৰ দুৰ্ঘটনা।ডিগবৈৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী ডাঙৰীয়া মন্দিৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো। বৃহস্পতিবাৰে নিশা এখন হুণ্ডাই ভেনু গাড়ী দুৰ্ঘটনাত পতিত হয়।ডিগবৈৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল গাড়ীখন।নিয়ন্ত্ৰন হেৰুৱাই পথৰ পৰা উফৰি চাহ বাগানত পৰে গাড়ীখন।দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS 23AE 3537 বুলি জানিব পৰা গৈছে।উল্লেখ্য় যে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনত দুজন যুৱক আৰু দুগৰাকী যুৱতী আছিল ।আঘাতপ্ৰাপ্তকেইগৰাকী দুলীয়াজানৰ প্ৰস্তুতি খাটোৱাল,শিৱানী বৰুৱা,তপন গগৈ আৰু মাৰ্ঘেৰিটাৰ সুৰজিৎ বৰুৱা বুলি জানিব পৰা গৈছে।উন্নত চিকিৎসাৰ বাবে আহত কেইজনক তিনিচুকীয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।