Local, Vocal, Global

WATCH | Teok News : বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে

টীয়ক,১০মে’ : বিশ্বশান্তিৰ কামনাৰে ঐতিহাসিক মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত ল’লে সেৱা ভকত বৈষ্ণৱে ।

বৰ্তমান দেশত চলি থকা সন্ত্ৰাসবাদ নিৰ্মূল হোৱাৰ উদ্দশ্যে তথা সকলোৰে মাজত শান্তি সম্প্ৰীতি অটুট ৰখাৰ উদ্দেশ্য আগত ৰাখি বৰনামঘৰ পৰিচালনা সমিতিয়ে আজি পুৱাই অক্ষয় বন্তিত ৰাজহুৱাকৈ তেল দি আশীষ বিচাৰিছে(Teok News)।

বৰ্তমান দেশৰ অৱস্থাই ৰাইজক আতংকিত কৰি তুলিছে আৰু সন্ত্ৰাসবাদৰ বলি হৈছে নিৰীহ জনতা। আগলৈ যাতে এনে পৰিস্থিতি নহয় তাৰ কামনা কৰি নেদেখাজনৰ সেৱা লৈছে এইসকল ভকত বৈষ্ণৱে।

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰা ৰাণীগঞ্জ আঞ্চলিক নাথ-যোগী যুৱ পৰিষদে অনুষ্ঠুপীয়াকৈ ৰঙালী বিহু উদযাপন