Local, Vocal, Global

WATCH | Teok News : মুম্বাই ৰিলায়েন্স ফাউণ্ডেছন লৈ নিৰ্বাচিত কাকজানৰ মৃন্ময়

টীয়ক,১০মে’ : যোৰহাট জিলাৰ কাকজানৰ এজন প্ৰতিভাৱান ছাত্ৰ নাম মৃন্ময় বৰা । কাকজান বাম কুকুৰাচোৱা নিবাসী পিতৃ দেৱজিৎ বৰা আৰু মাতৃ দিপ্তী বৰা ৰ সন্তান মৃন্ময়।

পাঁচ বছৰ বয়সৰ পৰাই পিতৃৰ তত্বাৱধানত কাকজানৰ ফুটবল প্ৰশিক্ষক ছিৰাজুল ইছলামৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি সৰু সজাই ৰাজ্যিক একাডেমীলৈ নিৰ্বাচিত হৈ বৰ্তমান মুম্বাইৰ নিতা আম্বানী ৰিলায়েন্স ফাউণ্ডেছন গৱেল ইণ্ডিয়া লৈ অসমৰ ৪ জনৰ ভিতৰত যোৰহাট জিলাৰ মৃন্ময়ে নিৰ্বাচিত হৈ সফলতা আজুৰি আনিছে(Teok News)।

উল্লেখ যে, পিতৃ-মাতৃয়ে কাকজানৰ পদ পথত এখন সৰু হোটেল দি শিক্ষা সমান্তৰালভাৱে ক্ৰীড়া ক্ষেত্ৰ খনত মৃন্ময়ক আগবঢ়াবই নিছিল। বৃহস্পতিবাৰে মৃন্ময়ে মুম্বাইৰ পৰা ডিব্ৰুগড় বিমানবন্দৰ হৈ কাকজান পোৱাৰ লগে লগে বহু অনুৰাগীয়ে আদৰি অনাৰ লগতে উষ্ণ আদৰণী জনায়। ছাত্ৰ জনৰ এনে সাফল্যত অঞ্চলটোত সকলোৱে সন্তোষ প্ৰকাশ কৰিছে।

লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও দেৱগ্ৰাম মহিলা বিহুৰ বাবে সংগ্ৰহ কৰা ধন সামৰিক বাহিনীৰ পুঁজিলৈ প্ৰদান কৰাৰ সিদ্ধান্ত